নিউজ ডেস্ক,৫মাৰ্চ:এআইএডিএমকেৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক আৰু তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জে.জয়াললিতাৰ অন্যতম সহযোগী ভিকে শশিকলাৰ এক নাটকীয় বিবৃতি । পূৰ্বে ৰাজনীতিৰ পৰা আতৰি থকাৰ সিদ্ধান্ত লোৱা নেত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে পুনৰ ৰাজনীতিলৈ অহাৰ কথা চিন্তা কৰিব এআইএডিএমকেৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে । কুখ্যাত "মান্নাৰগুদী পৰিয়াল"ৰ শচিকলাই চাৰি বছৰৰ বাবে কাৰাবাসৰ অন্তত ২৭ জানুৱাৰীত মুক্তি দিয়া হৈছিল। বিলাসী বাহনেৰে এক প্ৰকাৰ ৰোড শ্ব'ৰে বেংগালুৰুৰ পৰা চেন্নাইলৈ উভতি আহি ৰাজনীতিত পুনৰ প্ৰৱেশৰ কথা ঘোষণা কৰে শশিকলাই ।
উল্লেখ্য যে তেওঁক এআইএডিএমকেৰ পৰা বৰ্খাস্ত্ৰ কৰা হৈছিল, আৰু পিছত তেওঁৰ ভতিজা টিটিভি ধিনাকৰণে দলৰ চিহ্নক লৈ এআইএডিএমকেৰ সৈতে শীতল যুদ্ধত লিপ্ত হৈছিল । পৰৱৰ্তী সময়ত অম্মা মাক্কাল মুনেত্ৰা কাট্টি (এএমএমকে) নামেৰে নতুন ৰাজনৈতিক দলৰ গঠন কৰিছিল । শচিকলাই এআইএডিএমকে দললৈ পুনৰ উভতিব পাৰে অথবা এএমএমকেক এআইএডিএমকেৰ সৈতে মিত্ৰতা কৰি প্ৰত্যাৱৰ্তন কৰাৰ পৰিকল্পনা কৰিব পাৰে । অৱশ্যে তেওঁৰ আগমনকলৈ আগ্ৰহী নহয় মুখ্যমন্ত্ৰী কে পালানীস্বামী আৰু উপ মুখ্যমন্ত্ৰী অ' পনীৰচেলভান ।