নলবাৰী, 28 অক্টোবৰ: নলবাৰীৰ ঘগ্ৰাপাৰত সা ৰে গা মা পাৰ চেম্পিয়ন তথা বলীউডৰ নেপথ্য কণ্ঠশিল্পী চলমান আলী উপস্থিত হয় শুকুৰবাৰে (SaReGaMaPa Champion Salman Ali in Nalbari)৷ বজালী জিলাৰ পাঠশালাৰ এক সংগীতানুষ্ঠানৰ বাবে অসমলৈ আহিছে চলমান (Bollywood play back singer Salman Ali) ৷
শুকুৰবাৰে পুৱা বৰঝাৰ বিমানবন্দৰৰ পৰা বজালীলৈ আহি থকাৰ পথতেই নলবাৰীৰৰ ঘগ্ৰাপাৰৰ বৃন্দাবন ৰেষ্টোৰাৰ পৰিৱেশ দেখি আপ্লুত হৈ পৰে চলমান ৷ লগে লগে লগত অহা লোকক কৈ বৃন্দাবন ৰেষ্টোৰাত সোমাবলৈ ইচ্ছা কৰে কণ্ঠশিল্পীগৰাকীয়ে (Bollywood singer Salman Ali visited Assam)৷
তাৰ পিছতেই তেওঁৰ কথা মৰ্মে বৃন্দাবন ৰেষ্টোৰাত আহাৰ গ্ৰহণ কৰিলে মুম্বাইৰ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৷ থলুৱা খাদ্যৰ সোৱাদ ল'লে নতুনকৈ আৰম্ভ হোৱা ৰেষ্টোৰাখনত ৷ ইণ্ডিয়ান আইডল, সা ৰে গা মা পাৰ চেম্পিয়ন খ্যাত জয়হো গানৰ কণ্ঠশিল্পী লগতে দাবাং -৩ চিনেমাৰ নেপথ্যৰ কণ্ঠশিল্পী গৰাকীয়ে ৰেষ্টোৰাখনত কিছু সময় জিৰণি লৈ বজালী জিলাৰ পাঠশালাত হোৱা এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে পোনে পোনে ৰাওনা হয় ৷