অসম

assam

National Unity Day: আজি দেশজুৰি পালন কৰা হ’ব নৱম সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:04 AM IST

31 অক্টোবৰৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈ আহিছে 2014 বৰ্ষৰ পৰা । প্ৰয়াত পেটেল আছিল নেহৰু প্ৰধানমন্ত্ৰী হৈ থকা সময়ত উপ-প্ৰধানমন্ত্ৰী ৷ লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথম প্ৰধান সেনাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পেটেলে । ইয়াৰোপৰি গৃহ দপ্তৰৰ দায়িত্বও বহন কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে ।

SARDAR VALLABHBHAI PATEL BIRTH ANNIVERSARY NATIONAL UNITY DAY 2023 HISTORY SIGNIFICANCE
আজি দেশজুৰি পালন কৰা হ’ব নৱম সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ:আজি 31 অক্টোবৰ ৷ সমগ্ৰ ভাৰততে আজিৰ দিনটোত পালন কৰা হ’ব ৰাষ্ট্ৰীয় একতা দিৱস ৷চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি আজিৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈ আহিছে । 1875 চনৰ 31 অক্টোবৰত জন্মগ্ৰহণ কৰা পেটেলৰ মৃত্যু হৈছিল 1950 চনৰ 15 ডিচেম্বৰত ।

চৰ্দাৰ বল্লভভাই পেটেল জৱাহৰলাল নেহৰুৰ সময়ত উপ-প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথম প্ৰধান সেনাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰোপৰি গৃহ দপ্তৰৰ দায়িত্বও বহন কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে ।

31 অক্টোবৰ অৰ্থাৎ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো ৰাষ্ট্ৰীয় ঐক্য দিৱস হিচাপে পালন কৰা হৈ আহিছে । 1928 চনত গুজৰাটৰ বাৰদৌলিত হোৱা সত্যাগ্ৰহত পেটেলক চৰ্দাৰ উপাধি প্ৰধান কৰা হৈছিল, গুজৰাটী আৰু অন্যান্য ভাৰতীয় ভাষাত যাৰ অৰ্থ মুখ্য বা নেতা ।

ভাৰতৰ স্বাধীনতা আন্দোলনত নাগৰিক অবাধ্যতা আৰু প্ৰতিৰোধৰ মূল নিদৰ্শন দেখা পোৱা গৈছিল বাৰদৌলি সত্যগ্ৰহত । চৰ্দাৰ পেটেলক ব্ৰিটিছ শাসনকালত 1930 চনৰ পৰা 1945 চনৰ ভিতৰত প্ৰায় দহবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰয়াত চৰ্দাৰ বল্লভ ভাই পেটেলৰ কূটনৈতিক দক্ষতা আৰু নেতৃত্বই প্ৰান্তীয় ৰাষ্ট্ৰসমূহক ভাৰতীয় সংঘত যোগদান কৰিবলৈ পতিয়ন নিয়াবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ যাৰ ফলত দেশৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষা পৰিছিল । পেটেলৰ এই প্ৰচেষ্টাই ঐক্যবদ্ধ আৰু শান্তিপূৰ্ণ ভাৰতৰ ভেঁটি স্থাপন কৰিছিল । এই বাবেই 2014 বৰ্ষৰ পৰা সমগ্ৰ দেশতে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি পালন কৰা হৈ আহিছে ৰাষ্ট্ৰীয় একতা দিৱস ৷

Xযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাৰে সোঁৱৰে ৷

লগতে পঢ়ক:Amrit Kalash Yatra: দিল্লী পালেগৈ অসমৰ অমৃত কলহ

ABOUT THE AUTHOR

...view details