নেশ্যনেল ডেস্ক, 31 অক্টোবৰ : আজি লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ 146 সংখ্যক জন্মজয়ন্তী ৷ পেটেলৰ জন্মজয়ন্তী উপলক্ষে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ শ্বাহে কয়, পেটেলে ব্ৰিটিছসকলৰ ভাৰতক বিভক্ত কৰাৰ ষড়যন্ত্ৰ বিফল কৰিছিল আৰু 'অখণ্ড ভাৰত' স্থাপনৰ সংকল্প লৈছিল ।
গুজৰাটৰ নৰ্মদা জিলাৰ কেৱাড়িয়াত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীয়ে কয়, "ৰাষ্ট্ৰীয় একতা দিৱসৰ এক বিশেষ গুৰুত্ব আছে ৷ আজি ৰাষ্ট্ৰীয় একতা দিৱসটো আজাদী কা অমৃত মহোৎসৱৰে এটি দিন...স্বাধীনতাৰ পিছত ভাৰত ত্যাগ কৰাৰ সময়ত বৃটিছে দেশখনক কেইবাটাও ভাগত বিভক্ত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ৷ চৰ্দাৰ পেটেলে এই ষড়যন্ত্ৰ বিফল কৰি অখণ্ড ভাৰত স্থাপনৰ সংকল্প লৈছিল" ৷