নিউজ ডেস্ক,৬ ফেব্ৰুৱাৰী: কাটাৰৰ পৰিবহণ মন্ত্ৰী যশীম ছৈফ আহমেদ আল-ছুলাইতিৰ(Qatar Transport Minister Jaseem Saif Ahmed al Sulaiti) সৈতে সোমবাৰে নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowals meeting with Transport Minister of Qatar) ৷ দুয়োখন দেশৰ মাজত পৰিবহণ সুবিধাৰ অগ্ৰগতিৰ সূচনা কৰা বিভিন্ন নীতি আৰু কাৰ্যসূচীৰ সন্দৰ্ভত আলোচনা কৰা হয়(Sarbananda Sonowal meet Minister of Qatar) । ঐতিহাসিক আৰু ঘনিষ্ঠ সম্পৰ্কৰ এক উৎকৃষ্ট পৰিকাঠামোত বিভিন্ন ক্ষেত্ৰত ভাৰত-কাটাৰৰ সহযোগিতা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে । আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বৃহৎ, বৈচিত্ৰ্যপূৰ্ণ, দক্ষ আৰু উচ্চ সন্মানীয় ভাৰতীয় আৰ্হিটোৱে কাটাৰৰ প্ৰগতিত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আছে(Union Minister Sarbananda Sonowal) ।
বন্দৰ পৰিচালনা, লজিষ্টিকছ, যোগান শৃংখলা ব্যৱস্থাপনা আৰু ডিজিটেলকৰণ আদি বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সম্পৰ্ক উন্নীত কৰাৰ বাবে ভাৰতীয় বন্দৰ আৰু কাটাৰী বন্দৰৰ মাজত সম্পৰ্ক শক্তিশালীকৰণকে ধৰি দ্বিপাক্ষিক সামুদ্ৰিক সহযোগিতা বৃদ্ধি কৰাৰ সন্দৰ্ভত সোমবাৰে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হয় । উল্লেখযোগ্য যে, ভাৰতলৈ কাটাৰৰ মুখ্য ৰপ্তানিৰ ভিতৰত আছে এল এন জি, এল পি জি, ৰাসায়নিক পদাৰ্থ আৰু পেট্ৰ'কেমিকেলছ্, সাৰ, প্লাষ্টিক, এলুমিনিয়াম সামগ্ৰী আদি । আনহাতে, কাটাৰলৈ ভাৰতৰ মুখ্য ৰপ্তানিৰ ভিতৰত আছে খাদ্যশস্য, তামৰ সামগ্ৰী, লো আৰু তীখাৰ সামগ্ৰী, পাচলি, ফল, মছলা, আৰু সংসাধিত খাদ্য সামগ্ৰী, বৈদ্যুতিক সামগ্ৰী, নিৰ্মাণ সামগ্ৰী, বস্ত্ৰ, মূল্যবান ৰাসায়নিক পদাৰ্থ, মূল্যবান পাত্থৰ, ৰবৰ ইত্যাদি ।