নতুন দিল্লী, ২৬ নৱেম্বৰ :ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ৪ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া নতুন দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে দেওবাৰে চাৰিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে (Sarbananda Sonowal launched a massive campaign)৷
ৱাৰ্ড নম্বৰ ১৪৫, ১৪৯, ১৫০ আৰু ১৫১ৰ বিজেপিৰ প্ৰাৰ্থীৰ বাবে ক্ৰমে লোধী ক'লনী, মালৱীয় নগৰ, কৃষ্ণ নগৰ আৰু মুনীৰকাত সোণোৱালে ব্যাপক প্ৰচাৰ চলায়, য'ত স্থানীয় জনতা আৰু উৎসাহী কাৰ্যকৰ্তাসকলৰ ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয় (Delhi Municipal Corporation election)৷
তদুপৰি সোণোৱালে পদযাত্ৰাতো অংশগ্ৰহণ কৰি জনগণৰ বিপুল সঁহাৰি প্ৰত্যক্ষ কৰে।প্ৰচাৰ সভাত সোণোৱালে (Cabinet minister Sarbananda Sonowal) জনগণক উদ্দেশ্যি কয়, " প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi)সপোনৰ ভাৰতবৰ্ষক এক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত দিল্লীৰ জনতাই অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ সদিচ্ছাপূৰ্ণ নেতৃত্বত সৰ্বস্তৰৰ লোকৰে কল্যাণ সাধন হৈছে আৰু বিভিন্ন কল্যাণকামী পদক্ষেপে সকলোৰে জীৱন ধাৰণৰ মান উন্নত কৰিছে। কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ দিনতে এতিয়া ভাৰতে গ্ৰেট ব্ৰিটেইনক পিছ পেলাই বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে।"
তদুপৰি মোদী চৰকাৰৰ দূৰদৰ্শী চিন্তা আৰু দেশৰ প্ৰতি থকা উৎসৰ্গিত মনোভাৱে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ যাত্ৰাকো ত্বৰান্বিত কৰা বুলি সোণোৱালে উল্লেখ কৰে।দেশৰ ৰাজধানী চহৰ দিল্লীক জাকতজিলিকা কৰি সৰ্বাংগসুন্দৰভাৱে গঢ়ি তুলিবলৈ বিকাশ আৰু প্ৰগতিৰ বাটেৰে প্ৰধানমন্ত্ৰীৰ পথ-প্ৰদৰ্শন তথা ইতিবাচক দৃষ্টিভংগীৰ ওপৰত বিশ্বাস ৰাখি দিল্লীবাসীক আগন্তুক পৌৰ নিগম নিৰ্বাচনৰ বাবে বিজেপিৰ পক্ষত ভোটদান কৰিবৰ বাবে আগুৱাই আহিবলৈ সোণোৱালে আহ্বান জনায়।