নিউজ ডেস্ক, 01 অক্টোবৰ :শুকুৰবাৰে ৰাজ্যসভাৰ সাংসদ ৰূপে শপতগ্ৰহণ কৰে নৱ নিৰ্বাচিত সাংসদ সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানে ৷ সৰ্বানন্দ সোণোৱাল অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে মুৰুগান মধ্যপ্ৰদেশৰ পৰা নিৰ্বাচিত হৈ আহিছে ৷
ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডুৱে দুয়োগৰাকী সাংসদক শপতবাক্য পাঠ কৰায় ৷ সৰ্বানন্দ সোণোৱালে অসমীয়াত শপত গ্ৰহণ কৰাৰ বিপৰীতে তামিল ভাষাত শপত লয় এল মুৰুগানে ৷
ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটৰ বন্দৰ, জাহাজ আৰু জলপৰিহবণৰ লগতে আয়ুস দপ্তৰৰ মন্ত্ৰী পদ লাভ কৰিছে সৰ্বানন্দ সোণোৱালে ৷ মুৰুগানে মীন বিভাগৰ ৰাজ্যিক মন্ত্ৰীপদৰ লগতে পশুপালন-দুগ্ধপাম আৰু তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ পদ লাভ কৰিছে মোডী মন্ত্ৰীসভাত ৷