নেশ্যনেল ডেস্ক,৪ আগষ্ট: 'মাউণ্টেইন মেন' খ্যাত দশৰথ মাঁঝিক ভাৰতৰত্ন প্ৰদানৰ দাবী বিহাৰৰ মন্ত্ৰী আৰু হিন্দুস্তানী আৱাম মৰ্চাৰ (Hindustani Awam Morcha) জ্যেষ্ঠ নেতা সন্তোষ মাঁঝিৰ (Santosh Manjhi) । বুধাবাৰে এই প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Prime Minister Narendra Modi) সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে । লগতে বিহাৰৰ কেইবাটাও বিষয়লৈ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে নেতাগৰাকীয়ে ।
ইটিভি ভাৰতৰ সন্মুখত তেওঁ জনোৱা মতে তেওঁ বিহাৰৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বিচাৰিছে । ব্যক্তিগত খণ্ডত অনুসূচীত জাতি আৰু জনজাতিৰ বাবেও সংৰক্ষণ বিচাৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । জাতিগত লোকপিয়ল সন্দৰ্ভত হিন্দুস্তানী আৱাম মৰ্চাৰ স্থিতিৰ বিষয়ে উল্লেখ কৰি মাঁঝিয়ে কয় যে এই সন্দৰ্ভত দলৰ স্থিতি অতি স্পষ্ট । বিহাৰত জাতিগত লোকপিয়ল অনুষ্ঠিত কৰা উচিত বুলি তেওঁ কয় ।
লালু প্ৰসাদ যাদৱক (Lalu Prasad Yadav) বিহাৰৰ ৰাজনীতিলৈ ঘূৰাই অনাৰ সন্দৰ্ভত মন্তব্য দি মাঁঝিয়ে কয় যে সকলো দল একত্ৰিত হৈ আছে আৰু কোনো বিষয়ত এন ডি এ চৰকাৰৰ দলসমূহৰ মাজত কোনো বিবাদ নাই ।