অসম

assam

By

Published : Jun 26, 2022, 11:26 AM IST

Updated : Jun 26, 2022, 2:52 PM IST

ETV Bharat / bharat

শিৱসেনাৰ বিসম্বাদী বিধায়কক টুইটযোগে কটাক্ষ সঞ্জয় ৰাউটৰ

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিয়ে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Maharashtra political crisis)। বিভিন্নজনৰ বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে শিৱসেনাৰ বিসম্বাদী বিধায়কসকলক উদ্দেশ্যি সাংসদ সঞ্জয় ৰাউটৰ টুইট ।

sanjay raut tweet on shivsenas rebel mlas stay in guwahati
শিৱসেনাৰ বিদসম্বাদী বিধায়কক টুইটযোগে কটাক্ষ সঞ্জয় ৰাউটৰ

নেশ্যনেল ডেস্ক, ২৬ জুন: ক্ৰমাৎ জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি(Maharashtra political crisis) ৷ একনাথ সিন্দে আৰু 49 জনকৈ বিধায়কৰ বিসম্বাদৰ পাছত বিদ্ৰোহী বিধায়কসকলৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰিছে শিৱসেনাৰ নেতা-কৰ্মী তথা সমৰ্থকসকল ৷ শিৱসেনাৰ তৰফৰ পৰা16 জনকৈ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে অযোগ্যতাৰ জাননী জাৰি কৰাৰ কথা ঘোষণা কৰাৰ পাছত শনিবাৰে তেওঁলোকলৈ সৰ্তকবাৰ্তা প্ৰেৰণ কৰিছিল সাংসদ সঞ্জয় ৰাউটে(MLA Sanjay Raut) ৷

দেওবাৰে পুনৰ টুইটযোগে বিসম্বাদী বিধায়কসকলক কটাক্ষ কৰে সাংসদগৰাকীয়ে । টুইটত তেওঁ উল্লেখ কৰে যে গুৱাহাটীত কিমান দিনলৈ তেওঁলোক লুকাই থাকে থাকিব পাৰিব, কিন্তু এদিন নহয় এদিন চৌপাটিলৈ আহিবই লাগিব । সাংসদগৰাকীয়ে টুইটোত বিধানসভাৰ উপাধ্যক্ষ নৰহাৰী জিৰৱালৰ এখন ফটোও শ্বেয়াৰ কৰে । উল্লেখযোগ্য যে শেহতীয়াকৈ এই বিদ্ৰোহী বিধায়কসকললৈ অযোগ্যতাৰ জাননী প্ৰেৰণ কৰিছিল উপাধ্যক্ষই । ইফালে উদ্ধৱ ঠাকৰেয়ে বিদ্ৰোহী বিধায়কসকলক মুম্বাইলৈ আহিবলৈ আহ্বান জনাইছিল । এন চি পিৰ সভাপতি শৰদ পাৱাৰেও কৈছিল যে বিদ্ৰোহী বিধায়কসকল মুম্বাইলৈ আহিবই লাগিব ।

আনহাতে গুৱাহাটীত বিদ্ৰোহী বিধায়কসকলৰ থকাৰ সময় ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে বুলিও জানিব পৰা গৈছে । এনে পৰিস্থিতিত সঞ্জয় ৰাউটৰ এই বিশেষ টুইটে যথেষ্ট তাৎপৰ্য বহন কৰিছে । উল্লেখ্য যে, সঞ্জয় ৰাউটৰ শনিবাৰৰ সৰ্তকবাণীৰ পাছতেই শিৱসেনাৰ কৰ্মীসকলে পুনেৰ কাটৰাজৰ বালাজী অঞ্চলত বিদ্ৰোহী বিধায়ক তানাজী সাৱন্তৰ কাৰ্যালয় লণ্ডভণ্ড কৰিছিল(Vandalised the office of rebel MLA Tanaji Sawant) । পিছে এই টুইটৰ পাছত বিসম্বাদী বিধায়কসকলৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক:বিসম্বাদী বিধায়কক প্ৰচণ্ড হুংকাৰ সঞ্জয় ৰাউটৰ

Last Updated : Jun 26, 2022, 2:52 PM IST

ABOUT THE AUTHOR

...view details