নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ :আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ফাইনেল খেলখনৰ ওপৰত আজি বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে । অৱশ্যে এই খেলখনৰ সমান্তৰালকৈ এখন ৰাজনৈতিক খেলো অব্যাহত আছে । শিৱসেনাৰ উদ্ধৱ বালাচাহেব ঠাকৰে গোটৰ নেতা তথা সাংসদ সঞ্জয় ৰাউতে বিশ্বকাপৰ চূড়ান্ত খেলখনক লৈ বিজেপিক তীব্ৰ সমালোচনা কৰিছে ।
সাংসদ সঞ্জয় ৰাউতে অভিযোগ কৰা মতে এতিয়া ভাৰতত সকলোবোৰক ৰাজনৈতিক অনুষ্ঠানলৈ পৰিণত কৰা কৰা হৈছে । যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিছে, কোনো লোকৰ মৃত্যু হ'লেও, তেওঁলোকে ইয়াক এক ৰাজনৈতিক অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰে । ক্ৰিকেট খেলখনকো বিজেপিয়ে ৰাজনৈতিক অনুষ্ঠানলৈ পৰিণত কৰাৰ অভিযোগ কৰে ৰাউতে । যদি ভাৰতীয় দলটোৱে ফাইনেলত জয়ী হয়, মোদীৰ বাবেই তেওঁলোকে মেচখন জয়ী হোৱা বুলি ক'ব । বিজেপিয়ে প্ৰচাৰ আৰম্ভ কৰিব যে অমিত শ্বাহে উইকেটৰ পিছফালে থিয় হৈ নিৰ্দেশনা দিছিল । সঞ্জয় ৰাউতে সংবাদমেলত তীব্ৰ সমালোচনা কৰি কয় যে কালিলৈ ই ক্ৰীড়া আছিল কিন্তু এতিয়া ইয়াক ৰাজনৈতিক অনুষ্ঠানলৈ ৰূপান্তৰিত কৰা হৈছে ।