নেশ্যনেল ডেস্ক,২০ মাৰ্চ :খালিস্তান সমৰ্থকসকলৰ বিৰুদ্ধে পঞ্জাৱত কঠোৰ হৈছে চৰকাৰ (Operation against Khalistan supporters)। ইফালে খালিস্তানী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে আৰক্ষীয়েও অভিযান অব্যাহত ৰাখিছে । আৰক্ষীৰ এই অভিযানে তৃতীয় দিনত ভৰি দিলে । কিন্তু এতিয়ালৈ অমৃতপালৰ সন্ধান সম্পৰ্কে আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই । ইফালে ৰাজ্যত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী-প্ৰশাসনে বিভিন্ন পন্থা হাতত লৈছে । ইণ্টাৰনেট বন্ধ কৰাৰ লগতে আৰক্ষীয়ে সকলো ক্ষেত্ৰতে চোকা দৃষ্টি ৰাখিছে (Internet banned in Punjab)।
ইয়াৰ মাজতে পঞ্জাৱৰ চাংৰুৰ সাংসদ তথা শিৰোমণি অকালি দলৰ মুৰব্বী চিমৰণজিৎ সিং মানৰ একাউণ্ট বন্ধ কৰিলে টুইটাৰে (MP Simranjit Singhs Twitter account withheld)। টুইটাৰত এক বিতৰ্কিত পোষ্ট কৰাৰ বাবেই সাংসদগৰাকীৰ একাউণ্ট বন্ধ কৰিলে টুইটাৰ কৰ্তৃপক্ষই । খালিস্তান পন্থী সংগঠন ৱাৰিছ পাঞ্জাৱ ডেৰ সমৰ্থনত পোষ্ট কৰিছিল সাংসদগৰাকীয়ে । সংগঠনটোৰ নেতা অমৃতপাল সিঙক আৰক্ষীয়ে মৃত্যুদণ্ড দিব পাৰে বুলি কৈছিল সাংসদগৰাকীয়ে ।
মানে লগতে কৈছিল যে যদি অমৃতপাল সিঙক ভুৱা এনকাউণ্টাৰত হত্যা কৰা হয় তেন্তে সমগ্ৰ বিশ্বৰ শিখ সম্প্ৰদায়ৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হ'ব । যদি অমৃত পাল সিঙৰ বিৰুদ্ধে কোনো বেআইনী ব্যৱস্থা লোৱা হয় তেন্তে শিখসকলে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি এক উচতনিমূলক পোষ্ট কৰিছিল চাংৰুৰ সাংসদগৰাকীয়ে (MP Simranjit Singhs Twitter post)।