তেজপুৰ, ২ মে' :ভাৰতীয় সেনাৰ ফায়াৰিং ৰেঞ্জত অঘটন (Expolsion at Darranga Firing Range) । সোমবাৰে অসম-অৰুণাচল সীমান্তৰ দৰঙা ফায়াৰিং ৰেঞ্জত সংঘটিত হোৱা এই বিস্ফোৰণৰ ঘটনাত CFN সন্দীপ কুমাৰ শ্বহীদ হয় ৷ ৰেঞ্জত কৰ্তব্য কৰি থকা সময়তে বিস্ফোৰণটো সংঘটিত হয় (Martyr Sandeep Kumar) ৷
লগে লগে সেনাৰ জোৱানজনক এয়াৰ এম্বুলেঞ্চ বিমানেৰে গুৱাহাটীৰ সেনাৰ বেছ হাস্পতাললৈ লৈ যোৱা হয় যদিও হাস্পাতালতে জোৱানজনে মৃত্যুক আঁকোৱালি লয় (Sandeep Kumar martyred at Darranga Firing Range) ৷ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে জানিবলৈ দিয়া অনুসৰি এই বিস্ফোৰণত সন্দীপ কুমাৰ গুৰুতৰভাৱে আহত হয় ৷ এজন ৰেজিমেন্টেল চিকিৎসা বিষয়াই ঘটনাস্থলীত তাৎক্ষণিক চিকিৎসা সাহায্য প্ৰদান কৰিছিল কুমাৰক । তাৰ পিচতে তেওঁক গুৱাহাটীৰ সেনাৰ বেছ চিকিৎসালয়লৈ বিমানেৰে লৈ যোৱা হৈছিল যদিও তেওঁ চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৷
CFN সন্দীপ কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ বল উপ-সংমণ্ডলৰ অন্তৰ্গত সাৰধৱাৰ গাঁৱত ৷ মৃত্যুৰ সময়ত কুমাৰ ইহ সংসাৰত তেওঁৰ পত্নী আৰু ডেৰ বছৰীয়া পুত্ৰক এৰি থৈ যায় । বিয়লি প্ৰায় 4 বজাত সন্দীপ কুমাৰৰ শ্বহীদৰ খবৰ তেওঁৰ পৰিয়ালক অৱগত কৰা হয় ৷ সন্দীপ কুমাৰৰ মৃত্যুৰ খবৰে সমগ্ৰ গাঁওখনত শোকৰ ছাঁ পেলায় ।