অসম

assam

ETV Bharat / bharat

৭০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ SAMSUNGৰ R&D উদ্ভাৱন কাৰ্যসূচী সম্প্ৰসাৰণ - শ্ৰীমানু প্ৰসাদ হেড টেকনিকেল ষ্ট্ৰেটেজি

Samsung PRISM কাৰ্যসূচীয়ে এতিয়ালৈকে অভিযান্ত্ৰিক শিক্ষাৰ্থীসকলক পেটেন্ট দাখিল কৰিবলৈ আৰু আৰ্টিফিচিয়েল AI, ML আৰু IOT দৰে অত্যাধুনিক ডমেইনত কাৰিকৰী কাকত প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত কৰাত সফল হৈছে(Samsung expands R&D innovation program) । ভাৰতৰ ৭০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উদ্যোগ-একাডেমিয়া কাৰ্যসূচী সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰিলে ছেমছাঙে ।

Samsung expands R&D innovation program to 70 Indian engineering colleges
৭০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ SAMSUNGৰ R&D উদ্ভাৱন কাৰ্যসূচী সম্প্ৰসাৰণ

By

Published : Aug 30, 2022, 8:01 PM IST

নতুন যুগৰ অনুসন্ধান আৰু বিকাশৰ প্ৰত্যাহ্বান তথা প্ৰতিভা বিকাশৰ বাবে সোমবাৰে ছেমছাঙে ভাৰতৰ ৭০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ(70 Indian engineering colleges) উদ্যোগ-একাডেমিয়া কাৰ্যসূচী সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰে । Samsung PRISM (Samsung industry academia program) প্ৰগ্ৰেমে এতিয়ালৈকে অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীসকলক পেটেণ্ট দাখিল কৰিবলৈ আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI), মেচিন লাৰ্নিং (ML) আৰু আইঅ’টিৰ দৰে অত্যাধুনিক ডমেইনত কাৰিকৰী গৱেষণা পত্ৰ প্ৰকাশ কৰিবলৈ প্ৰেৰণা যোগোৱাত সফল হৈছে(Samsung expands R&D innovation program) ।

লগতে পঢ়ক :পূৰ্বৰ মডেলৰ কেমেৰা ডিজাইনৰ সৈতে সাদৃশ্য থাকিব Samsung Galaxy S23 Ultraৰ

২০২০ চনত আৰম্ভ হোৱা এই কাৰ্যসূচীত বেংগালুৰু ছেমছাং আৰ এণ্ড ডি ইনষ্টিটিউটৰ (Samsung R&D Institute) অভিযন্তাসকলৰ সৈতে কাম কৰা ৪,৫০০ৰো অধিক অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰী আৰু ১,০০০ অধ্যাপকক প্ৰশিক্ষণ দিয়া হৈছে বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে । এতিয়ালৈকে ৩০০ৰো অধিক দলে তেওঁলোকৰ ব্যতিক্ৰমী কামৰ বাবে স্বীকৃতি লাভ কৰিছে আৰু পুৰস্কৃত হৈছে । এছ আৰ আই-বি চেণ্টাৰে ভাৰতত ৩,৫০০ৰো অধিক পেটেণ্টৰ লগতে বিশ্বজুৰি ৭,৫০০ৰো অধিক পেটেণ্ট দাখিল কৰিছে ।

শ্ৰীমানু প্ৰসাদ হেড টেকনিকেল ষ্ট্ৰেটেজি,(Srimanu Prasad Head Technical Strategy ) এছ আৰ আই-বিয়ে কয়, "চেমচাঙৰ সৈতে কাম কৰি যুৱ ছাত্ৰ-ছাত্ৰীসকলে এটা আৰ এণ্ড ডি চেণ্টাৰৰ লাইভ প্ৰজেক্টৰ বাবে হাতে কামে অভিজ্ঞতা লাভ কৰিছে আৰু অধ্যাপকসকল অধিক ব্যৱহাৰিক হৈছে । যাৰ ফলত উদ্যোগৰ অভিজ্ঞতা একত্ৰিত হৈছে আৰু ই উদ্যোগৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিছে । ডিজিটেল ইণ্ডিয়াক শক্তিশালী কৰাৰ আমাৰ দৃষ্টিভংগীক আগুৱাই নিয়া প্ৰচেষ্টা এনেদৰে অব্যাহত থাকিব ।"

লগতে পঢ়ক:২০২৩ চনত মুকলি হ'ব 200 MP ৰ সৈতে Samsung Galaxy S23 Ultra smartphone

ABOUT THE AUTHOR

...view details