অসম

assam

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 12:15 PM IST

ETV Bharat / bharat

SC On Same-Sex Marriage: সমকামী বিবাহৰ সন্দৰ্ভত আজি ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে

সমকামী বিবাহ সন্দৰ্ভত মে’ মাহত দাখিল কৰা আবেদন আজি শুনানী গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ ১০ দিন পূৰ্বে এই আবেদনৰ শুনানি গ্ৰহণ কৰি ৰায় সংৰক্ষণ কৰি ৰাখিছিল উচ্চতম ন্যায়ালয়ে । আজি ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে ৷

SC On Same-Sex Marriage
সমকামী বিবাহৰ সন্দৰ্ভত আজি ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে

নিউজ ডেস্ক, ১৭ অক্টোবৰ:সমলৈংগিক বিবাহ সন্দৰ্ভত আজি ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে ৷ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জয় কিশন কৌল, এছ ৰবীন্দ্ৰ ভাট, হিমা কোহলী আৰু পি এছ নৰসিংহক লৈ গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে LGBTQIA+ সম্প্ৰদায়ৰ বাবে বিবাহ সমতাৰ অধিকাৰৰ সৈতে জড়িত আবেদনৰ এটা গোট বিবেচনা কৰি আছে । সকলো পক্ষৰ অধিবক্তাই যুক্তি দৰ্শোৱাৰ পাচত ১১ মে’ত এই আদেশ সংৰক্ষিত কৰা হৈছিল ৷

১৮ এপ্ৰিলৰ পৰা সংবিধান বিচাৰপীঠে এই গোচৰৰ শুনানি আৰম্ভ কৰিছিল আৰু প্ৰায় ১০ দিন শুনানি অব্যাহত আছিল । উচ্চতম ন্যায়ালয়ে সমকামী বিবাহক আইনী স্বীকৃতি প্ৰদানৰ দাবীত বিভিন্ন আবেদনৰ বিবেচনা কৰি আছে । পূৰ্বে দাখিল কৰা এখন আবেদনত LGBTQIA+ সম্প্ৰদায়ৰ সদস্যসকলে নিজৰ পছন্দৰ যিকোনো ব্যক্তিক বিয়া কৰাব পৰাকৈ আইনী কাঠামোৰ নথকাৰ বিষয়টো উত্থাপন কৰিছিল ।

আদালতে স্পষ্ট কৰি দিছে যে বিশেষ বিবাহ আইনৰ বিধানৰ অধীনত এই বিষয়টো গ্ৰহণ কৰা হ’ব আৰু এই দিশত বিভিন্ন ধৰ্মৰ ব্যক্তিগত আইন স্পৰ্শ নকৰে । এখন আবেদন অনুসৰি, দম্পতীটোৱে LGBTQIA+ ব্যক্তিৰ নিজৰ পছন্দৰ যিকোনো ব্যক্তিক বিয়া কৰাবলৈ মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে আহ্বান জনাইছিল । তদুপৰি আবেদনকাৰীসকলে তেওঁলোকে তেওঁলোকৰ পছন্দ অনুসৰি বিবাহ কৰোৱাৰ মৌলিক অধিকাৰ দাবী কৰে । তেওঁলোকে আদালতক ইয়াৰ অনুমতি দিবলৈ আৰু তেওঁলোকক তেনে কৰিবলৈ সক্ষম কৰিবলৈ উপযুক্ত নিৰ্দেশনা দিবলৈ প্ৰাৰ্থনা আহ্বান কৰে ।

আবেদনখনত প্ৰতিনিধিত্ব কৰিছিল জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাতগী আৰু সৌৰভ কৃপালে । কেন্দ্ৰীয় চৰকাৰে এই আবেদনৰ বিৰোধিতা কৰি কয় যে এই বিষয়টো আদালতে নহয় সংসদেহে বিবেচনা কৰিব লাগে । ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে উচ্চতম ন্যায়ালয়ত কয় যে আইনসমূহৰ সমগ্ৰ গাঁথনিটো শিশুৰ কল্যাণক অগ্ৰাধিকাৰ দিয়াৰ দৃষ্টিকোণৰে গঠিত আৰু আৰু দত্তক লোৱাটো বিষমকামী দম্পতীৰ পৰিয়ালত জৈৱিক জন্মৰ বিকল্প নহয়।

উল্লেখ্য যে, ১৮ এপ্ৰিলত কেন্দ্ৰই ৰাজ্যসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰি সমকামী বিবাহৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত নিজৰ মতামত দিবলৈ অনুৰোধ জনাইছিল । অসম, অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানে দেশত সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ বিৰোধিতা কৰে ।

লগতে পঢ়ক:Same Sex Marriage: সমকামী বিবাহৰ স্বীকৃতিৰ বিৰোধিতা কেন্দ্ৰীয় চৰকাৰৰ

ABOUT THE AUTHOR

...view details