নেশ্যনেল ডেস্ক,৩১ আগষ্ট :দুদিনীয়া কাৰ্যসূচীৰে মুম্বাইত বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ বৈঠক আৰম্ভ হৈছে । তাৰ প্ৰাকক্ষণত বিৰোধীক তীব্ৰ আক্ৰমণ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰৰ । সম্বিত পাত্ৰই বিৰোধী নেতাসকলক কোটি কোটি টকাৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে । দিল্লীত দলটোৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি সম্বিত পাত্ৰই কয় যে, মুম্বাইত বিৰোধীৰ বৈঠক অনুষ্ঠিত হৈছে । এই দলবোৰে ২০ লাখ কোটি টকাৰ কেলেংকাৰী আৰু দুৰ্নীতি কৰিছে বুলি তেওঁ অভিযোগ কৰে ।
পাত্ৰৰ মতে এয়া এক স্বাৰ্থপৰ মিত্ৰতা । তেওঁলোকৰ উদ্দেশ্য হৈছে দুৰ্নীতিৰ পৰা সৰ্বাধিক লাভ কৰা । বিজেপি নেতাগৰাকীয়ে মুম্বাইত বিৰোধী নেতাসকলৰ সমাৱেশক "মিউজিকেল চেয়াৰ" বুলি অভিহিত কৰিছে । তেওঁৰ মতে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত মিউজিকেল চেয়াৰ খেল চলি আছে । এই ধৰণৰ মিত্ৰতা পূৰ্বেও গঠন কৰা হৈছিল কিন্তু নিৰ্বাচন অহাৰ সময়ত তেওঁলোকে নিজৰ মাজত যুঁজ আৰম্ভ কৰিছিল ।
ইফালে সম্বিত পাত্ৰই এন ডি এ মিত্ৰজোঁটক চন্দ্ৰযানৰ সৈতে তুলনা কৰি কয় যে এই মিত্ৰজোঁটে সফলতাৰে অৱতৰণ কৰিব আনহাতে 'INDIA'ই উৰণত বিফল হ'ব । তেওঁৰ মতে এন ডি এ মিত্ৰজোঁট চন্দ্ৰযান আৰু মিত্ৰজোঁটৰ ৰ'ভাৰে ইতিমধ্যে উন্নয়নৰ কাম কৰি আছে আনহাতে কংগ্ৰেছ দলৰ মিছাইল ইন্ধন নথকাৰ বাবে উৰা মাৰিব নোৱাৰে ৷ তেওঁৰ মতে কংগ্ৰেছে তেওঁলোকৰ মিছাইল উৎক্ষেপণৰ বাবে সকলো চেষ্টা কৰিছে কিন্তু তেওঁলোক বিফল হৈছে । এই দেশৰ মানুহে ভালদৰে জানে কাৰ বাহন অৱতৰণ কৰিব আৰু কাৰ মিছাইল উৎক্ষেপণ সম্ভৱ নহ'ব ।