অসম

assam

By

Published : Feb 20, 2022, 12:15 PM IST

ETV Bharat / bharat

UP election 2022: কানপুৰত EVMত বিসংগতিৰ অভিযোগ সমাজবাদী পাৰ্টিৰ

উত্তৰ প্ৰদেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ (UP election 2022)। কানপুৰৰ এটা ভোটকেন্দ্ৰৰ EVMত বিসংগতি থকাৰ অভিযোগ সমাজবাদী পাৰ্টিৰ । নিৰ্বাচন আয়োগক সমগ্ৰ বিষয়টো তদন্তৰ দাবী ।

UP election 2022
কানপুৰত EVMত বিসংগতিৰ অভিযোগ সমাজবাদী পাৰ্টিৰ

নেশ্যনেল ডেস্ক,২০ ফেব্ৰুৱাৰী :আৰম্ভ হৈছে উত্তৰ প্ৰদেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন (UP election 3rd phase voting)। দেওবাৰে ৰাজ্যখনৰ ১৬ খন জিলাৰ ৫৯ খন আসনত অনুষ্ঠিত হৈছে নিৰ্বাচন । পুৱা ৭ বজাৰ পৰাই ভোটগ্ৰহণ আৰম্ভ হৈছে । কিন্তু ইয়াৰ মাজতে ইলেক্ট্ৰনিক ভোটিং মেচিন চমুকৈ ইভিএমত (EVM) বিসংগতিৰ অভিযোগ উঠিছে ।

সমাজবাদী পাৰ্টিয়ে আনিছে এই গুৰুতৰ অভিযোগ । বিজেপিয়ে EVM বিসংগতি সংঘটিত কৰাৰ অভিযোগ তুলিছে সমাজবাদী পাৰ্টিয়ে (Samajwadi Party alleges discrepancies in VVPAT)। ইতিমধ্যে নিৰ্বাচন আয়োগক সমগ্ৰ বিষয়টো অৱগত কৰি ৰাজ্যখনত নিৰপেক্ষ ভোটদানৰ দাবী তুলিছে সমাজবাদী পাৰ্টিয়ে ।

দলটোৱে টুইটযোগে উল্লেখ কৰা মতে কানপুৰ গ্ৰাম্যৰ ভোগনিপুৰ ২০৮ নং বিধানসভাৰ ১২১ নম্বৰ ভোটকেন্দ্ৰত সংঘটিত হৈছে EVM বিসংগতি । অভিযোগ অনুসৰি সমাজবাদী পাৰ্টিৰ বুটাম টিপাৰ পাছতো বিজেপিৰ স্লিপ ওলাই আহে । আনহাতে হামিৰপুৰ জিলাৰ ২২৮ খন বিধান সভাৰ ৪৩২ নং ভোটকেন্দ্ৰত ভোট দানৰ পিছত স্লিপ ওলাই অহা নাই ।

সমাজবাদী পাৰ্টিয়ে এই বিষয়ে নিৰ্বাচন আয়োগক অৱগত কৰি সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে । ইফালে উৰিয়াৰ দিবিয়াপুৰ বিধানসভা সমষ্টিৰ ১৩৬ নম্বৰৰ ভোটকেন্দ্ৰত ইভিএম এতিয়ালৈ গৈ পোৱা নাই । যাৰ বাবে ভোটদান প্ৰক্ৰিয়া ব্যাহত হৈ আছে । টুইটযোগে সমগ্ৰ বিষয়টো তদন্ত কৰি স্বচ্চ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে সমাজবাদী পাৰ্টিয়ে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশ নিৰ্বাচন : চেন্ট্ৰেল ইউ পি, বুন্দেলখণ্ড হ’ব বিজেপিৰ বাবে কঠিন প্ৰত্যাহ্বান

ABOUT THE AUTHOR

...view details