নেশ্যনেল ডেস্ক,৮ মে':"দুৰ্নীতিগ্ৰস্ত বিজেপি, কৰ্ণাটকৰ ৰাইজ বিকল্পৰ সন্ধানত আছে ।" এই অভিযোগ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদৰ । নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ লৈ সংবাদমাধ্যমৰ সন্মুখত বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে (Salman Khurshid slams BJP)।
কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন আছে । ১০ মে'ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব (Karnataka Election 2023)। তাৰ প্ৰাকক্ষণত অন্তিম প্ৰচাৰ জোৰদাৰ কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । একে সময়তে ৰাজনৈতিক নেতাসকলৰ মাজতো বাকযুদ্ধ অব্যাহত আছে ।
ইয়াৰ মাজতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদে সোমবাৰে কৰ্ণাটকৰ বিজেপি চৰকাৰক দুৰ্নীতিত জড়িত থকাৰ অভিযোগ কৰে (Salman Khurshid blames BJP for corruption)। যাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণে এক বিকল্পৰ বাবে হেঁপাহেৰে ৰৈ আছে বুলি তেওঁ দাবী কৰে । তেওঁৰ মতে ৰাইজক সেই বিকল্প কেৱল কংগ্ৰেছে হে দিব পাৰিব ।
উল্লেখ্য যে ছলমান খুৰ্ছিদে দলৰ প্ৰাৰ্থী কানেজ ফাতিমা চাহিবৰ হৈ উত্তৰ গুলবাৰ্গাত প্ৰচাৰ চলাইছে । তাৰ মাজতে ইটিভি ভাৰতৰ সন্মুখত খুৰ্ছিদে কয় যে কৰ্ণাটক নিৰ্বাচনে গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিৱৰ্তন চিহ্নিত কৰিব কিয়নো কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰে নিৰ্বাচনত জয়ী হ'বলৈ গৈ আছে ।