নেশ্যনেল ডেস্ক,১৮ জুন :ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ মুৰব্বী ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলৰ মাজত একতাৰ অভাৱ দেখা গৈছে । তেওঁলোকৰ মাজত এইবাৰ সংঘাত আৰম্ভ হৈছে । ৰাজনীতিৰ বিষয়ক লৈ মল্লযুঁজাৰু সাক্ষী মালিক আৰু ববিতা ফোগাটৰ মাজত সংঘাত আৰম্ভ হৈছে ।
প্ৰাক্তন মল্লযুঁজাৰু ববিতা ফোগাটে অভিযোগ কৰা মতে সাক্ষী মালিক কংগ্ৰেছৰ হাতৰ পুতলা । ববিতা ফোগাটৰ এই অভিযোগৰ পাছতে এতিয়া দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মল্লযুঁজাৰুসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে অলিম্পিক পদক বিজয়ী সাক্ষী মালিক আৰু স্বামী সত্যৱৰ্ত কাদিয়ানে শনিবাৰে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদক লৈ এটা ভিডিঅ' প্ৰকাশ কৰিছিল ৷ তেওঁলোকে ভিডিঅ'টোত দাবী কৰিছিল যে তেওঁলোকৰ প্ৰতিবাদ ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত নহয় । বহু বছৰ ধৰি হাৰাশাস্তিৰ সন্মুখীন হোৱা স্বত্বেও মল্লযুঁজাৰুসকল একতাৰ অভাৱৰ বাবে নীৰৱ হৈ আছিল ৷ আনহাতে প্ৰতিবাদৰ পূৰ্বে প্ৰশাসনৰ অনুমতি লোৱা উপৰিও মল্লযুঁজাৰুসকলে বিজেপিৰ সৈতে জড়িত দুগৰাকী ব্যক্তি প্ৰাক্তন মল্লযুঁজাৰু ববিতা ফোগাট আৰু তীৰথ ৰাণাৰ অনুমতি লৈছিল ।
সাক্ষী মালিক আৰু তেওঁৰ স্বামীৰ এই মন্তব্যৰ পাছতে ববিতা ফোগাটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । দেওবাৰে হিন্দীত এক টুইটযোগে ববিতা ফোগাটে কয় যে তেওঁ সৰু ভনীয়েক আৰু তেওঁৰ স্বামীৰ ভিডিঅ' চাই থাকোতে বৰ দুখ অনুভৱ কৰিছিল আৰু হাঁহিও উঠিছিল । ভিডিঅ'টোত সাক্ষী মালিকে দেখুওৱা অনুমতি পত্ৰখনত তেওঁৰ স্বাক্ষৰ নাছিল বুলি স্পষ্ট কৰি দিয়ে প্ৰাক্তন মল্লযুঁজাৰুগৰাকীয়ে । আনহাতে প্ৰতিবাদৰ বাবে সন্মতিৰ কোনো প্ৰমাণ নাই আৰু এয়া তেওঁৰ চিন্তাও নহয় বুলি দাবী কৰে ববিতা ফোগাটে । উত্তৰ প্ৰদেশৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহ-ভাৰপ্ৰাপ্ত ববিতা ফোগাটে লগতে সাক্ষী মালিকক কংগ্ৰেছৰ হাতৰ পুতলা বুলি অভিযোগ কৰে ।
সাক্ষী মালিকক উভতি ধৰি ববিতাই কয় যে সাক্ষীয়ে বাদামৰ আটাৰে তৈয়াৰ কৰা ৰুটি খাব পাৰে, কিন্তু তেওঁ আৰু দেশৰ মানুহে ঘেঁহুৰে তৈয়াৰ কৰা ৰুটি খায় । সেয়ে সকলোৱে বুজি পায় বুলি ববিতাই দাবী কৰে । দেশৰ মানুহে বুজি পাইছে যে সাক্ষী মালিক কংগ্ৰেছৰ হাতৰ পুতলা হৈ পৰিছে । এই সময়ত সাক্ষী মালিকে নিজৰ প্ৰকৃত উদ্দেশ্যৰ কথা ৰাইজক ক'ব লাগে বুলিও ববিতা ফোগাটে দাবী কৰে ।
লগতে পঢ়ক :Wrestlers vs Brij Bhushan: "আমাৰ যুঁজ ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ বিৰুদ্ধেহে, চৰকাৰৰ বিৰুদ্ধে নহয়"-মল্লযুঁজাৰু দম্পতী