অসম

assam

ETV Bharat / bharat

Wrestlers Protest : নিজৰ নিজৰ কৰ্মস্থলীত যোগদান প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ - Allegation against WFI Chief

সাক্ষী মালিক, বজৰং পুনিয়া আৰু বিনেশ ফোগাটে নিজৰ নিজৰ কৰ্মস্থলীত পুনৰ যোগদান কৰিছে (Wrestlers resume duties)। মল্লযুঁজাৰুৰ মতে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব । অমিত শ্বাহৰ সৈতে বৈঠক আশানুৰূপ হোৱা নাই ।

Wrestlers Protest
নিজৰ নিজৰ কৰ্মস্থলীত যোগদান প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ

By

Published : Jun 5, 2023, 5:03 PM IST

স্পৰ্টছ ডেস্ক,৫ জুন :ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে এমাহৰো অধিক সময় ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে মল্লযুঁজাৰুসকলে । অৱশ্যে ইয়াৰ মাজতে মল্লযুঁজাৰু সাক্ষী মালিক, বজৰং পুনিয়া আৰু বিনেশ ফোগাটে কৰ্মস্থানত পুনৰ যোগদানৰ সিদ্ধান্ত লৈছে । তিনিওগৰাকী খেলুৱৈয়ে ভাৰতীয় ৰে'লত পুনৰ দায়িত্ব পালন কৰিছে (Wrestlers resume duties in Railways)।

অৱশ্যে অলিম্পিক পদক বিজয়ীসকলে স্পষ্ট কৰি দিছে যে তেওঁলোক এই প্ৰতিবাদৰ পৰা আঁতৰি যোৱা নাই । কেৱল তেওঁলোকৰ চৰকাৰী চাকৰিত যোগদান হে কৰিছে । তেওঁলোকে কয় যে ন্যায় প্ৰদান নোহোৱালৈকে তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছতে এই সিদ্ধান্ত লৈছে খেলুৱৈ কেইগৰাকীয়ে (Wrestlers meet Amit Shah)। জানিব পৰা মতে শ্বাহে তেওঁলোকক আশ্বাস দিছে যে আইনৰ মতে সকলো চোৱা হ'ব । সূত্ৰৰ মতে আটাইকেইগৰাকী খেলুৱৈয়ে যোৱা সপ্তাহত ক্ৰীড়াৰ বিশেষ কৰ্তব্য বিষয়া(OSD) হিচাপে উত্তৰ ৰে'লৱেত তেওঁলোকৰ দায়িত্বত পুনৰ যোগদান কৰে ।

সাক্ষীয়ে কয় যে তেওঁলোকৰ কোনেও পিছুৱাব বিচৰা নাই কিন্তু ন্যায়ৰ দাবীৰ মাজতে ৰে'লৱেত তেওঁৰ দায়িত্ব পালন কৰি আছে । তেওঁ উল্লেখ কৰা মতে ন্যায় প্ৰদান নকৰালৈ তেওঁলোকৰ যুঁজ অব্যাহত থাকিব । একেটা সুৰতে বজৰং পুনিয়াই কয় যে তেওঁলোকে আন্দোলন প্ৰত্যাহাৰ কৰা নাই আৰু সিঙৰ বিৰুদ্ধে এজাহাৰো ঘূৰাই লোৱা নাই । শ্বাহক সাক্ষাতৰ পাছত সাক্ষীৰ স্বামী সত্যব্ৰত কাদিয়ানে কয় যে আলোচনা অমীমাংসিত আছিল আৰু মল্লযুঁজাৰুসকলে তেওঁলোকে বিচকা সঁহাৰি পোৱা নাই ।

উল্লেখ্য যে যৌন নিৰ্যাতনৰ অভিযোগ তুলি ফেডাৰেশ্যনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে ইতিমধ্যে মল্লযুঁজাৰুসকলে এজাহাৰ দাখিল কৰিছে । মল্লযুঁজাৰুৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইফালে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক বিভিন্ন পক্ষই সমৰ্থন জনাইছে । বিভিন্ন দলেও মল্লযুঁজাৰুসকলক সমৰ্থন জনোৱাৰ লগতে বিজেপিৰ সাংসদ ব্ৰীজ ভূষণক গ্ৰেপ্তাৰৰ দাবী তুলিছে । শেহতীয়াকৈ কৃষক নেতা ৰাকেশ টিকাইটে চৰকাৰক ৯ জুনৰ ভিতৰত ব্ৰীজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে ।

দেওবাৰে সোনিপতৰ মুণ্ডলানাত এক সমাৱেশত বজৰং পুনিয়াই কয় যে মল্লযুঁজাৰুসকলে অহা ৩-৪ দিনৰ ভিতৰত তেওঁলোকৰ নিজা মহাপঞ্চায়ত অনুষ্ঠিত কৰিব । এই ক্ষেত্ৰত মল্লযুঁজাৰুসকলে বহুতো দলৰ সমৰ্থনো লাভ কৰিছে । বহুতো নেতাই মল্লযুঁজাৰুসকলৰ সমৰ্থনত ওলাই আহিছে (Allegation against WFI Chief)।

লগতে পঢ়ক :Wrestlers meet Amit Shah : ব্ৰীজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী মল্লযুঁজাৰুৰ

ABOUT THE AUTHOR

...view details