অসম

assam

ETV Bharat / bharat

Sahara Group chief death : বিশিষ্ট উদ্যোগপতি তথা সাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান - Sahara India Pariwar latest news

বিশিষ্ট উদ্যোগপতি তথা সাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ মৃত্যু ৷ মঙলবাৰে হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰাৰ বাবে ছাহাৰা গ্ৰুপৰ মুৰব্বীগৰাকীৰ মৃত্যু ঘটে ৷ দেওবাৰে তেওঁক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাল এণ্ড মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 75 বছৰ ৷

Sahara Group chief death
বিশিষ্ট উদ্যোগপতি তথা সাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:35 AM IST

Updated : Nov 15, 2023, 2:05 PM IST

নেশ্যনেল ডেস্ক, 15 নৱেম্বৰ:75 বছৰ বয়সত মৃত্যু ঘটে সাহাৰা গ্ৰুপৰ মুৰব্বী সুব্ৰত ৰয়ৰ ৷কোম্পানীটোৱে এক বিবৃতিযোগে কয় যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত মঙলবাৰে হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰাৰ বাবে সাহাৰা গ্ৰুপৰ মুৰব্বীগৰাকীৰ মৃত্যু ঘটে ৷ কোম্পানীটোৰ জানিবলৈ দিয়া অনুসৰি ৰয়ৰ স্বাস্থ্যৰ অৱনতি ঘটাত দেওবাৰে তেওঁক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাল এণ্ড মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হয় । দুৰাৰোগ্য মেটাষ্টেটিক মেলিগনেন্সি, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ আদিৰ দৰে জটিল ৰোগৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি থকাৰ পিছত মঙলবাৰৰ নিশা 10.30 বজাত হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ চিকিৎসালয়ত মৃত্যু ঘটে ৰয়ৰ ৷

ছাহাৰা গ্ৰুপৰ বিবৃতি

খুচুৰা, ৰিয়েল এষ্টেট আৰু বিত্তীয় সেৱা খণ্ডত এক বিশাল ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলা ৰয়ে শেহতীয়াকৈ কেবা দশক ধৰি বিতৰ্কৰ শীৰ্ষবিন্দুত আছিল আৰু বহুস্তৰীয় বিপণন সৃষ্টি কৰিবলৈ নিয়ম আওকাণ কৰাৰ অভিযোগত তেওঁৰ গ্ৰুপ ফাৰ্মসমূহে বহু আইনী যুদ্ধৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

বিবৃতিযোগে ছাহাৰাই দুখ প্ৰকাশ কৰি কয়, "গভীৰ দুখৰ সৈতে সাহাৰা ইণ্ডিয়া পৰিয়ালৰ পৰিচালন কৰ্মী তথা অধ্যক্ষ আমাৰ মাননীয় 'সাহাৰাশ্ৰী' সুব্ৰত ৰায় সাহাৰা ডাঙৰীয়াৰ মৃত্যুৰ কথা অৱগত কৰিছো ৷ তেওঁৰ অভাৱ সমগ্ৰ সাহাৰা ইণ্ডিয়া পৰিয়ালে গভীৰভাৱে অনুভৱ কৰিব । সাহাৰাশ্ৰী জী আছিল এক পথ প্ৰদৰ্শক শক্তি, এজন গুৰু আৰু যিসকলে তেওঁৰ সৈতে একেলগে কাম কৰাৰ সৌভাগ্য লাভ কৰিছিল তেওঁলোকৰ বাবে আছিল প্ৰেৰণাৰ উৎস ।"

লগতে, সাহাৰা ইণ্ডিয়া পৰিয়ালে ৰয়ৰ উত্তৰাধিকাৰ ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ আৰু সংগঠনটোক পৰিচালিত কৰাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীক সদায়ে সন্মান জনাই থাকিব বুলিও বিবৃতিটোত উল্লেখ কৰে ৷

জীৱিত অৱস্থাত কেবাটাও বিতৰ্কৰ মাজত সাঙোৰ খাইছিল সাহাৰা তথা কোম্পানীটোৰ শীৰ্ষ প্ৰয়াত সুব্ৰত ৰয়ৰ নাম ৷ উচ্চতম ন্যায়ালয়লৈ সুব্ৰত ৰয়ক এবাৰ লৈ অনাৰ সময়তে তেওঁক চোৰ বুলি অভিহিত কৰি গোৱালিয়ৰৰ এজন লোকে সাহাৰা গ্ৰুপৰ মুৰব্বীগৰাকীৰ মুখলৈ চিয়াঁহী নিক্ষেপ কৰিছিল ।

ৰয়ৰ দুটা কোম্পানীয়ে বিনিয়োগকাৰীক 20 হাজাৰ কোটি টকা ঘূৰাই নিদিয়াৰ ফলত উদ্ভৱ হোৱা অৱমাননাৰ গোচৰত উচ্চতম ন্যায়ালয়ত হাজিৰ নোহোৱাৰ বাবে 2014 চনত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত ৰয়ে জামিন লাভ কৰে যদিও তেওঁ ব্যৱসায়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল ৷

লগতে পঢ়ক:Rajasthan Election 2023: বিজেপিয়ে শত্ৰুৰ দৰে কথা কয়, ই দেশৰ বাবে শুভ লক্ষণ নহয়: অশোক গেহলট

Last Updated : Nov 15, 2023, 2:05 PM IST

ABOUT THE AUTHOR

...view details