অসম

assam

ETV Bharat / bharat

আগষ্টত আৰক্ষীয়ে দাখিল কৰিব সাগৰ ধনকাৰ হত্যাকাণ্ডৰ প্ৰথমখন অভিযোগনামা - ছত্ৰশাল ষ্টেডিয়াম

অপৰাধ শাখাৰ এক সূত্ৰই জনোৱা মতে অহা আগষ্ট মাহৰ প্ৰথম সপ্তাহতে দিল্লী আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত অভিযোগ পত্ৰ দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । হত্যাকাণ্ডৰ অভিযুক্ত সকলৰ ভিতৰত আছে মল্লযোদ্ধা সুশীল কুমাৰ ।

Sagar Dhankar murder case
আগষ্টত আৰক্ষীয়ে দাখিল কৰিব সাগৰ ধনকাৰ হত্যাকাণ্ডৰ প্ৰথমখন অভিযোগপত্ৰ

By

Published : Jul 22, 2021, 6:56 AM IST

নেশ্যনেল ডেস্ক, ২১ জুলাই : দেশজুৰি চৰ্চা লাভ কৰা সাগৰ ধনকাৰ (Sagar Dhankar) হত্যাকাণ্ডৰ নতুন মোৰ । শীঘ্ৰে দিল্লী আৰক্ষীয়ে দাখিল কৰিব গোচৰটোৰ সন্দৰ্ভত প্ৰথমখন অভিযোগ পত্ৰ । অপৰাধ শাখাৰ এক সূত্ৰই জনোৱা মতে অহা আগষ্ট মাহৰ প্ৰথম সপ্তাহতে দিল্লী আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত অভিযোগ পত্ৰ দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

সূত্ৰটোৰ মতে অভিযোগ পত্ৰত ১৮ গৰাকী অভিযুক্তৰ নাম উল্লেখ কৰাৰ সম্ভাৱনা আছে । অভিযুক্ত সকলৰ ভিতৰত আছে মল্লযোদ্ধা সুশীল কুমাৰ । ইফালে ১৮ গৰাকীৰ ৬ গৰাকীক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই । যোৱা ১৬ জুনত দিল্লী আৰক্ষীয়ে ছত্ৰশাল ষ্টেডিয়ামত ২৩ বছৰীয়া সাগৰ ধনকাৰৰ হত্যাৰ সন্দৰ্ভত জুডো প্ৰশিক্ষক সুভাষক গ্ৰেপ্তাৰ কৰে ।

ইফালে হত্যাৰ গোচৰটোৰ মূল অভিযুক্ত মল্লযোদ্ধা সুশীল কুমাৰ আৰু তেওঁৰ সহযোগী অজয় বাক্কাৰৱালাক ২৩ মে'ত দিল্লী আৰক্ষীৰ বিশেষ কোষৰ এটা দলে ৰাষ্ট্ৰীয় ৰাজধানীৰ মুণ্ডকা অঞ্চলত গ্ৰেপ্তাৰ কৰিছিল আৰু এতিয়া তেওঁলোক ন্যায়িক জিম্মাত আছে । দিল্লী আৰক্ষীয়ে জনোৱা মতে ৩৮ বছৰীয়া মল্লযোদ্ধাজনে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল । তেওঁ ১৮ দিনত প্ৰায় সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সীমা অতিক্ৰম কৰিছিল । আনকি গ্ৰেপ্তাৰৰ ভয়ত তেওঁ সঘনাই ম'বাইলৰ চিম কাৰ্ডো সলনি কৰিছিল ।

উল্লেখ্য যে, ৪ মে'ত দিল্লীৰ ছত্ৰশাল ষ্টেডিয়ামত (Chhatrasal Stadium) মল্লযোদ্ধাসকলৰ মাজত তীব্ৰ কাজিয়াৰ সূত্ৰপাত হৈছিল । এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল একাংশ মল্লযোদ্ধা । তেওঁলোকক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সাগৰ ধনকাৰ নামৰ মল্লযোদ্ধা গৰাকীৰ চিকিৎসাৰ সময়ত মৃত্যু হৈছিল ।

লগতে পঢ়ক :ভাৰতক মিগ-২৯ যুঁজাৰু বিমান হস্তান্তৰৰ যো-জা চলাইছে ৰাছিয়াই

ABOUT THE AUTHOR

...view details