নিউজ ডেস্ক, 22 আগষ্ট : এগৰাকী তৃণমূল পৰ্যায়ৰ আৰএছএছ কৰ্মীৰ পৰা দেশৰ সৰ্ববৃহৎ ৰাজ্যখনৰ শীৰ্ষ পদবীত অধিষ্ঠিত হোৱালৈ কল্যাণ সিঙৰ জীৱনটো পৰিশ্ৰম, অধ্যাৱসায় আৰু লক্ষ্যৰ কাহিনীৰে পূৰ্ণ ৷
1932 চনৰ 5 জানুৱাৰীত উত্তৰ প্ৰদেশৰ আলীগড়ত এটি সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কল্যাণ সিঙে ৷ সিঙৰ শৈশৱকাল যথেষ্ট কষ্টৰ মাজেৰে পাৰ হৈছিল ৷ কিশোৰ অৱস্থাৰ পৰাই হিন্দুত্বৰ আদৰ্শৰে অনুপ্ৰাণিত সিঙে শিক্ষা সাং কৰি আৰএছএছত যোগদান কৰিছিল ৷ ইয়াৰ পিছতে তেওঁ প্ৰথমে জনসংঘ, তাৰ পাচত জনতা পাৰ্টী আৰু অৱশেষত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত হৈ পৰে ৷ ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁৰ দক্ষতাৰ উমান পাই আৰু মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰে ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে সিঙক এগৰাকী সুদক্ষ তথা কঠোৰ সিদ্ধান্ত গ্ৰহণকাৰী নেতা হিচাপে আখ্যা দিয়াৰ লগতে ৰামমন্দিৰৰ বিষয়টো তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷
মূলসূঁতিৰ ৰাজনীতিৰে সিঙৰ যাত্ৰা 30 বছৰ বয়সত আৰম্ভ হয়, যেতিয়া জনসংঘই তেওঁক আলিগড়ৰ আটৰাউলী সমষ্টিৰ পৰা বিধায়ক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছিল ৷ যদিও সেই নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে, আশা ত্যাগ নকৰি তেওঁ ৰাজনীতিৰ পথাৰখনতে থকাৰ সিদ্ধান্ত লয় ৷ অৱশেষত 1967 চনত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰথমটো বিজয় লাভ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক :কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ লক্ষ্ণৌত উপস্থিত প্ৰধানমন্ত্ৰী
ইয়াৰ পাচত পৰৱৰ্তী 13 বছৰ তেওঁ অপৰাজেয় হৈ ৰয় ৷ অৱশ্যে 1985 চনৰ বিধানসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছ প্ৰাৰ্থী আনৱাৰ খানৰ হাতত পৰাজিত হয় ৷ কিন্তু, 1985 ৰ নিৰ্বাচনত তেওঁ পুনৰ বিজয়ীৰ খিতাপ দখল কৰি 2004 চন পৰ্যন্ত 19 বছৰৰ বাবে আটৰাউলীৰ অপৰাজেয় নেতা হৈ ৰয় ৷
বাবৰি মছজিদক লৈ সৃষ্টি হোৱা উত্তেজনাই সমগ্ৰ দেশক প্ৰভান্বিত কৰি ৰখাৰ সময়ত সিঙ এগৰাকী প্ৰবল হিন্দুত্ববাদী নেতালৈ পৰিণত হৈছিল ৷ সিঙৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবেই 1991 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে 221 খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ সম্ভৱত তেওঁৰ দক্ষতা সন্দৰ্ভত সম্পূৰ্ণ নিশ্চিত হৈয়ে বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰীত্বৰ আসন আগবঢ়াইছিল ৷ অৱশ্যে ইয়াৰ পাচৰটো বছৰত বাবৰি মছজিদ ধ্বংসৰ লগে লগে নৈতিক দায়িত্ব স্বীকাৰ কৰি ঘটনাৰ কেইঘন্টামান পাচতে সিঙে পদত্যাগৰ প্ৰস্তাৱ দিয়ে ৷
1993 চনত আটৰাউলি আৰু কাচগঞ্জ সমষ্টিৰ লোকসকলে তেওঁক পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰে ৷ দলসমূহৰ ভিতৰত বিজেপিয়ে লাভ কৰা ভোটৰ হাৰ বেছি আছিল যদিও চৰকাৰ গঠনৰ উদ্দেশ্যে মুলায়েম সিঙ যাদৱৰ সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টী মিত্ৰতালৈ আহি বিজেপিক ক্ষমতাৰ পৰা অপসাৰণ কৰে ৷ শাসনৰ পৰা আঁতৰি আহিবলগীয়া হ'ল যদিও সিং বিৰোধী দলৰ নেতা হৈছিল ৷ 'গেষ্ট হাউচ' ঘটনাৰ বাবে মিত্ৰজোঁটৰ এই চৰকাৰ চাৰি বছৰৰ পাচত ভংগ কৰা হৈছিল ৷
লগতে পঢ়ক :কল্যাণ সিং আৰু বাবৰি মছজিদ ধ্বংসৰ এক কাহিনী
পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ বাবে মাত্ৰ এবছৰ বাকী থকাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে বিএছপিৰ সৈতে মিত্ৰতা গঢ়ি তোলে ৷ চুক্তি অনুসৰি, প্ৰথম 6 মাহৰ বাবে বিএছপিৰ মায়াৱতীয়ে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷ যেতিয়াই সিঙে শাসনভাৰ দখল কৰাৰ সময় আহে, তেতিয়াই বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাত এই মিত্ৰজোঁট চৰকাৰৰো পতন ঘটে ৷
1990 ৰ দশকৰ শেষৰফালে ৰাষ্ট্ৰীয় ৰাজনীতিত সিং এজন জনপ্ৰিয় ব্যক্তি হৈ পৰিছিল ৷ অৱশ্যে দলৰ অন্যতম শক্তিশালী নেতা অটল বিহাৰী বাজপেয়ীৰ সৈতে হোৱা মতভেদৰ বাবে 1999 চনত তেওঁ বিজেপি দল ত্যাগ কৰে ৷ পাঁচ বছৰৰ পাচত পুনৰ গেৰুৱা দলত যোগদান কৰাৰ পাচত বুলন্দ চহৰৰ পৰা সাংসদ হিচাপে প্ৰাৰ্থীত্ব আগবঢ়ায় ৷ আভ্যন্তৰীণ বিবাদৰ বাবে তেওঁ 2009 চনত পুনৰ বিজেপি ত্যাগ কৰে আৰু একে বছৰতে উত্তৰ প্ৰদেশৰ ইটাহৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে ৷ ইয়াৰ পাচতে তেওঁ নিজা দল জন ক্ৰান্তি পাৰ্টী(ৰাষ্ট্ৰবাদী) গঠন কৰে ৷
2014 চনৰ লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে তেতিয়াৰ বিজেপি সভাপতি নীতিন গাডকাৰীৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত জন ক্ৰান্তি পাৰ্টী বিজেপিৰ সৈতে একেলগ হয় ৷ সেই বছৰটোতে 26 আগষ্টত গেৰুৱা দলটোৱে তেওঁক ৰাজস্থানৰ ৰাজ্যপালৰ পদেৰে পুৰস্কৃত কৰে ৷ 2015 চনৰ জানুৱাৰী মাহত হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে তেওঁক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছিল ৷
জীৱনকালত তেওঁৰ সিদ্ধান্ত তথা ৰাজনৈতিক পাক যি ধৰণেই বিবেচনা কৰা নহওক কিয়, সিঙক সদায়েই এজন উচ্চ ব্যক্তিত্বসম্পন্ন নেতা হিচাপে স্মৰণ কৰা হ'ব ৷ এইগৰাকী নেতাই যে কেৱল সপোনেই দেখিছিল তেনে নহয় ৷ উক্ত লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবেও নিজ লক্ষ্যত অটল আছিল ৷ ৰাজনৈতিক ক্ষেত্ৰত বিশেষকৈ উত্তৰ প্ৰদেশৰ ৰাজনীতিত তেওঁ সদায়েই এজন কিংবদন্তি ব্যক্তি হিচাপে বিবেচিত হ'ব ৷
লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ দেহাৱসান