নেশ্যনেল ডেস্ক, 23 নৱেম্বৰ :বিতৰ্কৰ আৱৰ্তত ‘ৰামায়ণ এক্সপ্ৰেছ’(Ramayan Express controversy) ৷ ‘ৰামায়ণ এক্সপ্ৰেছ’ত যাত্ৰীক খাদ্যবস্তু যোগান ধৰা ৱেইটাৰসকলৰ পোছাক সলনি কৰিলে Indian Railway Catering and Tourism Corporation চমুকৈ IRCTC এ ৷ ৱেইটাৰসকলৰ কমলা পোছাকৰ বাবে একাংশ সাধুৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হোৱা বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে Indian Railway Catering and Tourism Corporation এ ৷
শেহতীয়াকৈ ৰামায়ণ এক্সপ্ৰেছত ৱেইটাৰসকলে সাধুৰ দৰে কাপোৰ পৰিধান কৰি যাত্ৰীসকলক খাদ্যবস্ত যোগান ধৰাৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে উজ্জয়িনীৰ সাধুসকলে ইয়াৰ বিৰোধিতা কৰিছিল ৷ ইয়াকে লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰে’লমন্ত্ৰীলৈ এখন পত্ৰও প্ৰেৰণ কৰা হয় ৷
এই বিষয়টোক লৈ পৰমহংস আখাৰা পৰিষদেও আপত্তি দৰ্শাইছে ৷ পৰমহংস আখাৰা পৰিষদৰ সাধাৰণ সম্পাদক অৱদেশ পুৰীয়াই কয় যে, ৱেইটাৰসকলে সাধুৰ পোছাক পৰিধান কৰাটো সমাজৰ বাবে ঠাট্টা ৷ এই পোছাক শীঘ্ৰে সলনি কৰিব লাগে, অন্যথা সাধু সমাজে 12 ডিচেম্বৰত এই বিশেষ ৰে’লখনৰ বিৰোধিতা কৰিব ৷ ৰে’লৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব হাজাৰ হাজাৰ হিন্দুৱে ৷