অসম

assam

ETV Bharat / bharat

Sadhvi Prachi controversial statement : ৰাহুলৰ সাংসদ পদ খাৰিজক লৈ সাধ্বী প্ৰাচীৰ বিস্ফোৰণ

বিশ্ব হিন্দু পৰিষদৰ নেত্ৰী সাধ্বী প্ৰাচীৰ বিস্ফোৰণ (Controversial statement of Sadhvi Prachi)। ৰাহুল গান্ধী, আতিক আহমেদ আৰু সমাজবাদী পাৰ্টিক আক্ৰমণ নেত্ৰীগৰাকীৰ । অধিবক্তাৰ ভুলৰ বাবে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হৈছে বুলি তেওঁ অভিযোগ কৰে ।

By

Published : Mar 27, 2023, 9:42 PM IST

Sadhvi Prachi controversial statement
ৰাহুলৰ সাংসদ পদ খাৰিজক লৈ সাধ্বী প্ৰাচীৰ বিস্ফোৰণ

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছ দলে প্ৰতিবাদ কৰি থকাৰ মাজতে বিশ্ব হিন্দু পৰিষদৰ নেত্ৰী সাধ্বী প্ৰাচীৰ বিস্ফোৰণ (Vishva Hindu Parishad leader Sadhvi Prachi)। ৰাহুল গান্ধীক মানসিকভাৱে বিকাৰগ্ৰস্ত শিশু বুলি উপহাস কৰিলে নেত্ৰীগৰাকীয়ে । মাফিয়া আতিক আহমেদৰ বিৰুদ্ধেও সৰৱ হৈ পৰে হিন্দুবাদী নেত্ৰীগৰাকী । হিন্দুবাদী নেত্ৰী সাধ্বী প্ৰাচীৰ বিস্ফোৰক মন্তব্যৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ।

উল্লেখ্য যে বিশ্ব হিন্দু পৰিষদৰ নেত্ৰী সাধ্বী প্ৰাচী সোমবাৰে বাঘপতত উপস্থিত হয় । সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ সাধ্বী প্ৰাচীয়ে কয় যে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ কাৰণ হৈছে তেওঁৰ অধিবক্তা । যদি অধিবক্তাই আদালতত ক'লেহেঁতেন যে শিশুটি মানসিকভাৱে বিকাৰগ্ৰস্ত তেতিয়া তেওঁৰ সাংসদপদ খাৰিজ নহ'লহেঁতেন (Sadhvi Prachi on Rahul Gandhi disqualify issue)।

বিশ্ব হিন্দু পৰিষদৰ নেত্ৰী সাধ্বী প্ৰাচীয়ে ৰাহুল গান্ধীৰ লগতে মাফিয়া আতিক আহমেদকো আক্ৰমণ কৰে (Sadhvi Prachi on Mafia Ateeq Ahmed)। তেওঁ কয় যে উত্তৰ প্ৰদেশত স্পীড ব্ৰেকাৰ আছে আৰু বাহনবোৰো ইয়াত উলটি যায় । অপৰাধীৰ বাহনবোৰো ওলোটাই দিব লাগে বুলি তেওঁ দাবী কৰে । নেত্ৰীগৰাকীৰ মতে আতিক আহমেদে তেওঁৰ কামৰ পৰিণাম ভুগি আছে ।

তাৎপৰ্যপূৰ্ণভাৱে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে মাফিয়া আতিক আহমেদৰ বিৰুদ্ধে কঠোৰ হৈছে । মাফিয়া আতিক আহমেদক আহমেদাবাদৰ চাবৰমতী কাৰাগাৰৰ পৰা প্ৰয়াগৰাজলৈ অনা হৈছে । তেওঁ মঙলবাৰে প্ৰয়াগৰাজত হাজিৰ হোৱাৰ কথা আছে । আশা কৰা হৈছে যে আৰক্ষীয়ে তেওঁক উমেশ পাল হত্যাকাণ্ডৰ গোচৰতো জেৰা কৰিব পাৰে (Umesh Pal murder case)।

অখিলেশ যাদৱক সমালোচনা কৰি সাধ্বী প্ৰাচীয়ে কয় যে যাদৱে মনত ৰখা উচিত যে তেওঁৰ দলে ৰাম ভক্তসকলৰ ওপৰত গুলীচালনা কৰিছিল । বিধায়ক স্বামী ওমৱেশে হেলিকপ্টাৰেৰে উপাসকসকলৰ ওপৰত ফুল ছটিয়াবলৈ অনুমতি বিচৰা প্ৰসংগত সাধ্বী প্ৰাচীয়ে কয় যে এয়া তেওঁলোকৰ মানসিকতা ।

প্ৰাচীৰ মতে তেওঁ সনাতন ধৰ্মত জন্মগ্ৰহণ কৰিছে আৰু এই ধৰ্মৰ সৈতে তেওঁ বিশ্বাসঘাতকতা কৰিব নোৱাৰে । সাধ্বী প্ৰাচীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰসংগত এক প্ৰশ্নৰ উত্তৰত কয় যে তেওঁৰ এতিয়ালৈকে কোনো অভিপ্ৰায় নাই, কিন্তু দল আৰু সংগঠনে যি আদেশ দিব সেয়া তেওঁ পালন কৰিব ।

লগতে পঢ়ক :Billkis Bano gangrape case : বিজেপি নেতাৰ সৈতে একেখন মঞ্চত বিলকিছ বানুৰ ধৰ্ষণকাৰী

ABOUT THE AUTHOR

...view details