ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

Ajmal controversial statement : হৰিদ্বাৰৰ সাধু-সন্তই উভতি ধৰিলে আজমলক - Ajmal controversy

অসমৰ এ আই ইউ ডি এফ সাংসদ বদৰুদ্দিন আজমলে হিন্দু সম্প্ৰদায়ক লৈ কৰা বিতৰ্কিত মন্তব্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়া হৈছে (Ajmal controversy)। আজমলক সমালোচনা কৰিলে হৰিদ্বাৰৰ সাধু-সন্তসকলেও । বদৰুদ্দিন আজমলৰ মানসিকতা বিকলাংগ বুলি ক'লে সাধ্বী প্ৰাচীয়ে ।

Ajmal controversial statement
হৰিদ্বাৰৰ সাধু-সন্তই উভতি ধৰিলে আজমলক
author img

By

Published : Dec 4, 2022, 2:59 PM IST

নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ :অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Badruddin Ajmal controversy)। বিভিন্ন দল-সংগঠনে নেতাগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তও কৰিছে (Protest against Badruddin Ajmal)। ইফালে হৰিদ্বাৰৰ সাধু-সন্তসকলেও নেতাগৰাকীৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

হৰিদ্বাৰৰ সাধু-সন্তই উভতি ধৰিলে আজমলক

বিশ্ব হিন্দু পৰিষদৰ নেত্ৰী সাধ্বী প্ৰাচীয়ে বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰি কয় যে যদি আমাৰ যুৱক-যুৱতীসকলে অলপ পলমকৈ বিবাহপাশত আৱদ্ধ হৈছে, তেনেহ'লে তাৰ একমাত্ৰ কাৰণ হৈছে যে তেওঁলোকে কেৰিয়াৰ গঢ়িব বিচাৰে (Sadhvi Prachi slams Badruddin Ajmal)। আনহাতে বদৰুদ্দিন আজমলৰ দৰে লোকৰ কেৱল সন্তান জন্ম দিয়াই কাম বুলিও সমালোচনা কৰে সাধ্বী প্ৰাচীয়ে । আনহাতে বদৰুদ্দিন আজমলৰ মানসিকতা বিকলাংগ বুলিও কয় সাধ্বী প্ৰাচীয়ে ।

কালী সেনাৰ সভাপতি স্বামী দিনেশানন্দ ভাৰতীয়েও বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে হিন্দু সংস্কৃতি অনুসৰি বিবাহ এক আশ্চৰ্যকৰ বন্ধন । য'ত দুটা জীৱৰ মিলন হয় ।

এনে পৰিস্থিতিত, যদি হিন্দু সন্তানে বিবাহত অলপ পলম কৰিছে । তাত কোনো ভুল নাই । মুছলমান সম্প্ৰদায়ৰ লোকসকলে সোনকালে বিয়া পাতি কি কৰি আছে সেয়া চাব লগা বিষয় বুলিও তেওঁ প্ৰশ্ন কৰে । তেওঁৰ মতে হিন্দু শিশুসকলে দেশক আগুৱাই নিয়া আৰু দেশৰ বিষয়ে চিন্তা কৰাত নিয়োজিত হৈ আছে (Swami Dineshanand Bharti slams Ajmal)।

উল্লেখ্য যে বদৰুদ্দিন আজমলে শুকুৰবাৰে কৈছিল যে মুছলমান পুৰুষসকলে ২১ বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হয় । আনহাতে হিন্দু পুৰুষসকলে কমেও ৩ গৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখিবলৈ ৪০ বছৰ বয়সলৈকে অবিবাহিত হৈ থাকে । হিন্দুসকলে ৪০ বছৰ বয়সৰ পাছত বিবাহ পাশত আৱদ্ধ হয় । মুছলমানৰ ছোৱালীয়ে ১৮ বছৰ আৰু ল'ৰাই ২২ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈ সন্তান জন্ম দিয়ে ৷

এইক্ষেত্ৰত হিন্দুসকলে মুছলমানৰ পৰা ফৰ্মূলা শিকাৰ উপদেশ দিলে বদৰুদ্দিন আজমলে (Badaruddin Ajmal population growth formula) ৷ অৱশ্যে পৰৱৰ্তী সময়ত এই মন্তব্যৰ বাবে ক্ষমাও বিচাৰিছে । কিন্তু তেওঁ ক্ষমা বিচৰাৰ পাছতো অসমৰ বিভিন্ন প্ৰান্তত নেতাগৰাকীৰ বিৰুদ্ধে একাংশ ব্যক্তি আৰু সংগঠনে গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক :Narottam Mishra on Badruddin Ajmal: আজমলৰ জন্মদাত্ৰী মাতৃও লজ্জিত বুলি ক'লে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details