নেশ্যনেল ডেস্ক,৫ নৱেম্বৰ :প্ৰতিবছৰৰ দৰে এইবাৰো দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে । প্ৰদূষণে জনজীৱন প্ৰভাৱিত কৰা দেখা গৈছে । বায়ু সূচাংকই ইতিমধ্যে গুৰুতৰ ৰূপ লৈছে । দিল্লীৰ পৰ্যটকসকলো যথেষ্ট প্ৰভাৱিত হোৱা দেখা গৈছে । দিল্লীৰ পৰিৱেশ ধুঁৱলি-কুঁৱলি হৈ পৰিছে । যাৰবাবে বহু পৰ্যটকে সুস্থ পৰিৱেশৰ সন্ধানত দিল্লীৰ পৰা চিমলালৈ যোৱা দেখা গৈছে ।
একাংশ পৰ্যটক হৰিদ্বাৰৰ দৰে ঠাইলৈ ভ্ৰমণ কৰা দেখা গৈছে । দিল্লীত উশাহ-নিশাহত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ লগে লগে একাংশ পৰ্যটকে নাইনিতাললৈ ভ্ৰমণ কৰিছে । চফৰ ইণ্ডিয়াৰ মতে এখন চহৰৰ সামগ্ৰিক একিউআই বা বায়ুৰ সূচাংক যদি ১৪৫ হয় তেনেহ'লে তাক মধ্যমীয়া বুলি কোৱা হয় । বায়ুৰ সূচাংক 'মধ্যমীয়া' শ্ৰেণীত থাকিলে লোকসকলক দীঘলীয়া সময়ৰ বাবে বাহিৰত নাথাকিবলৈ পৰামৰ্শ দিয়া হয় ।
কিন্তু দিল্লীত বায়ুৰ সূচাংক গুৰুতৰ শ্ৰেণীত আছে । দিল্লীৰ বাসিন্দাসকলে দেওবাৰে পুৱা কুঁৱলীৰ ডাঠ আৱৰণৰ সাক্ষী হৈছে । বায়ুৰ সূচাংক বৃদ্ধিৰ লগে লগে উশাহ-নিশাহৰ সমস্যা আৰু চকুত জ্বলা-পোৰা কৰাৰ দৰে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে লোকসকল । এনে পৰিস্থিতিত পুৱা খোজ কাঢ়িবলৈ অহা লোকৰ সংখ্যাও হ্ৰাস পাইছে ।