আগৰতলা, 14 মাৰ্চ :সোমবাৰে ত্ৰিপুৰাত প্ৰায় ১০,৩২৩ জন শিক্ষকে তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰিবলৈ বিবেকানন্দ ময়দানত ‘মহাকৰণ অভিযান’ শীৰ্ষক এক প্ৰতিবাদী অনুষ্ঠান অনুষ্ঠিত কৰে (100 terminated teachers organized a ‘Mahakaran Abhiyan’) ৷ এই অনুষ্ঠানত সমবেত হৈ শিক্ষকসকলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Chief Minister Biplab Kumar Deb)ক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰিবলৈ আহ্বান জনায় ৷
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষকসকলে ময়দানৰ পৰা এক সমদল উলিওৱাৰ পাছতে আৰক্ষীয়ে প্ৰতিবাদী শিক্ষকবৃন্দক বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদীসকলৰ মাজত হতাহতি হয় ৷ যাৰফলত 100 ৰো অধিক প্ৰতিবাদী শিক্ষকক আৰক্ষীয়ে আটক কৰে ৷ এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে প্ৰতিবাদী শিক্ষকৰ দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ নকৰালৈকে প্ৰতিবাদস্থলীৰ পৰা আঁতৰি নাযায় বুলি হুংকাৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নিদিলে আত্মহত্যা কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদী শিক্ষকৰ দলটোৱে ৷