আগৰতলা,৬ নৱেম্বৰ :ত্ৰিপুৰাত পুনৰ আৰম্ভ হ'ব বঞ্চিত শিক্ষকৰ প্ৰতিবাদ । বছৰৰ শেষৰ ফালে বঞ্চিত 'আমৰা ১০,৩২৩' শিক্ষকে আৰম্ভ কৰিব প্ৰতিবাদ । ডিচেম্বৰৰ ভিতৰত যদি চৰকাৰে তেওঁলোকৰ সমস্যাৰ স্থায়ী সমাধান নকৰে, তেনেহ'লে প্ৰতিবাদত বহাৰ হুংকাৰ দিয়ে ত্ৰিপুৰাৰ বৰ্খাস্ত ১০,৩২৩ গৰাকী শিক্ষকৰ যুটীয়া আন্দোলন সমিতিয়ে ।
'আমৰা ১০৩২৩'ৰ আহ্বায়ক ডালিয়া দাসে এক সংবাদমেল সম্বোধন কৰি কয় যে চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰা নাই । তেওঁ উল্লেখ কৰা মতে বৰ্খাস্ত শিক্ষক সকলে যেতিয়াই মুখ খুলিবলৈ চেষ্টা কৰে তেতিয়াই আক্ৰমণৰ সন্মুখীন হয় । তেওঁৰ অভিযোগ ৰাজ্য চৰকাৰে বহুতো কথা কৈছে আৰু বহুতো প্ৰতিশ্ৰুতি দিছে; কিন্তু সকলো ফালৰ পৰা চৰকাৰ বিফল । চৰকাৰৰ বৰ্বৰতা আৰু একনায়কত্ববাদে ৰাজ্যখনত অৰাজকতাৰ সৃষ্টি কৰিছে আৰু বৰ্খাস্ত শিক্ষকসকলকো আক্ৰমণৰ পৰা ৰক্ষা কৰা হোৱা নাই বুলি দাবী কৰে আহ্বায়কগৰাকীয়ে ।
সেয়েহে, বৰ্খাস্ত শিক্ষকসকলে ১০ নৱেম্বৰত এক ডেপুটেশনত শিক্ষা সঞ্চালকক সাক্ষাৎ কৰিব । ডেপুটেচনৰ পূৰ্বে এক শোভাযাত্ৰাৰো আয়োজন কৰা হ'ব বুলি উল্লেখ কৰে আহ্বায়ক গৰাকীয়ে ।