নেশ্যনেল ডেস্ক, ২ এপ্ৰিল: ৰাজস্থানৰ উপ-নিৰ্বাচনক লৈ ব্যস্ত এতিয়া সকলো শাসক-বিৰোধী । প্ৰতিটো দলে নিজ নিজ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰক লৈ ব্যস্ত থকাৰ সময়তে বৃহস্পতিবাৰে ডাবোকৰ উদয়পুৰৰ মহাৰাণা প্ৰতাপ বিমানবন্দৰত একেলগে দেখা গ'ল শাসক-বিৰোধীৰ দুই মহাৰথীক ।
ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ শচীন পাইলট আৰু বিজেপিৰ গজেন্দ্ৰ সিং শ্বেখাৱটক মহাৰাণা প্ৰতাপ বিমানবন্দৰত একেলগে উপস্থিত হোৱা দেখা যায় । দুয়োগৰাকী নেতাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ নিজৰ নিজৰ বিমানযোগে ৰাওনা হ'বলৈ উক্ত বিমানবন্দৰত উপস্থিত হোৱা দেখা যায় ।
বিমানবন্দৰত অজয় মাকেন, ৰঘুবীৰ মীনা, উদয়লাল অঞ্জনা আৰু কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটক একেলগে বহি থকাৰ দৃশ্য সম্প্ৰতি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইফালে, বিমানবন্দৰত শচীন পাইলট আৰু গজেন্দ্ৰ সিং শ্বেখাৱটে ইজনে সিজনক হাঁহিৰে সম্ভাষণ জনোৱাৰ দৃশ্যও ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে ।
প্ৰকৃততে, অজয় মাকেন আৰু শচীন পাইলটে ৰাজছামাণ্ডত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দিল্লী অভিমুখে ৰাওনা হ'বলৈ বিমানবন্দৰত উপস্থিত হৈছিল । সেই একে সময়তে, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিঙেও এখন নিৰ্বাচনী সভা সম্বোধন কৰি বিমানবন্দৰত উপস্থিত হৈছিল ।
লগতে পঢ়ক:মিজোৰামত তিনিগৰাকী লোক নতুনকৈ ক'ভিড-19 আক্ৰান্ত