অসম

assam

ETV Bharat / bharat

Atiq Ahmeds WhatsApp Chats Revealed: আতিক আহমেদৰ ভাবুকিপূৰ্ণ চাঞ্চল্যকৰ হোৱাটছএপ চাট প্ৰকাশ - Atiq Ahmed secret letter

গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতচিক আহমেদৰ মৃত্যুৰ এদিন পিচত প্ৰকাশ হৈছে এক চাঞ্চল্যকৰ হোৱাটছএপ মেছেজ চাট । এই হোৱাটছএপ মেছেজেৰে কাৰগাৰৰ পৰাই ভবুকি দিছে আতিকে (Atiq Ahmeds Sensational WhatsApp Chats Revealed) ।

Atiq Ahmeds WhatsApp Chats Revealed
Atiq Ahmeds WhatsApp Chats Revealed

By

Published : Apr 19, 2023, 9:16 AM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিল : অন কেমেৰা হত্যা কৰিছিল গেংষ্টাৰ পৰা ৰাজনীতিবিদৰ হোৱা আতিক আহমেদ আৰু আশ্ৰফক । সাংবাদিকৰ বেশত আহি শূন্য দূৰত্বৰ পৰা আততায়ীয়ে গুলীয়াইছিল আতিক আৰু আশ্ৰফক । নিমিষতে মাটিত বাগৰি পৰি প্ৰাণবায়ু উৰি গৈছিল এসময়ৰ প্ৰবল প্ৰতাপী উত্তৰ প্ৰদেশৰ ৰাজনীতি আৰু অপৰাধ জগতৰ সম্ৰাট আতিক আহমেদ আৰু ভাতৃ আশ্ৰফৰ । তাৰ দুদিনমান পূৰ্বে এণকাউণ্চাৰত নিহত হৈছিল আতিকৰ পুত্ৰৰ । এতিয়া আতিকৰ মৃত্যুৰ পিচতে প্ৰকাশ পাইছে আতিকৰ হোৱাটছএপ চাট (Sabka Hisab Hoga Atiq Ahmed revealed chat) । এই হোৱাটছএপ চাটত আছে ভাবুকি বাৰ্তা ।

7, জানুৱাৰী 2023 চনৰ আতিক আহমেদৰ এই হোৱাটছএপ চাটত দিয়া হৈছে বিভিন্ন লোকক ভাবুকি । যাৰ ভিতৰত লক্ষ্ণৌস্থিত নিৰ্মাতা এজনক কৈছে 'সবকা হিচাব হোগা'। এই চাট মতে, এইটো স্পষ্ট যে আতিক আহমেদে ব্যৱসায়ী আৰু আনসকলৰ পৰা তেওঁ কাৰাগাৰত থকাৰ সময়তে কৰ সংগ্ৰহ কৰিছিল (Atiq Ahmeds Sensational WhatsApp Chats Revealed) ।

"মুছলিম চাহাব, পিঅৰ এলাহাবাদ মে বহুতোনে হামছে ফাইদা উথায়া লেকিন সবসে জ্যাদা তুমহাৰে ঘৰ নে উথায়া হে । আজ হামাৰে খিলাফ এফআইআৰ লিখা ৰহে হে আৰু পুলিচকে শ্বায়ে মে কাম কৰ ৰহে হে, পুলিচ নে শ্বায়ে দেনা বন্দ দিয়া হে.. অৰ্থাৎ "এলাহাবাদৰ বহু লোকে মোক ব্যৱহাৰ কৰিছে, কিন্তু আপুনি আটাইতকৈ বেছি সুবিধা লৈছে । আজি আপুনি এখন এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীৰ ছাঁত কাম কৰি আছে, আৰক্ষীয়ে ছাঁ দিয়া বন্ধ কৰি দিলে..." আতিক আহমেদে এই বাৰ্তাটো কাৰাগাৰৰ পৰা লক্ষ্ণৌস্থিত নিৰ্মাতালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে (Atiq Ahmed murder case) ।

"আপকো আখৰি বাৰ সমঝা ৰহা হুঁ, বহুত জলদী হালাত বদল ৰহে হে । মেইনে সাবৰ কৰ লিয়া হে । মেৰে কোই লড়কে না ডক্টৰ বনেগে না ৱকিল বনেগে, ঔৰ সিৰ্ফ হিচাব হোনা হে আৰু ইনছাল্লাহ বহুত জলদি হিচাব শুৰু কৰ দুঙ্গা জহা তক আপকা ঘৰ হে কোই জান মাৰনে লায়েক নেহী হে..." অৰ্থাৎ পুনৰ লিখিছে, "মই আপোনাক শেষবাৰৰ বাবে কৈছোঁ যে পৰিস্থিতি সলনি হ'ব, মই অতি ধৈৰ্যশীল হৈছোঁ । মোৰ পুত্ৰ চিকিৎসক বা উকীল নহয় ...।" ভাবুকিপূৰ্ণ বাৰ্তাবোৰত এনেদৰে লিখা আছে (Atiq Ahmed threatening massage) ।

এই কথা পোহৰলৈ আহিছে আতিকৰ উকীলে গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিকৰ মৃত্যুৰ এদিন পিচতে তেওঁ লিখা বুলি অভিযোগ উঠা 'গোপন পত্ৰ' প্ৰকাশৰ পিচত (Atiq Ahmed secret letter) । তেওঁৰ হত্যাৰ দুসপ্তাহ পূৰ্বে এই ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে । আতিক আহমেদৰ পত্ৰখন ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ সম্বোধন কৰা হৈছিল । নিহত মাফিয়াজনে শীৰ্ষ আদালতক যদি তেওঁৰ মৃত্যু হয় তেন্তে তেওঁৰ পত্ৰখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল (Atiq Ahmed letter addressing Supreme Court) ।

আনহাতে, নিহত মাফিয়াজনৰ দ্বাৰা ভাবুকি লাভ কৰা এগৰাকী মহিলাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, "মোক আতিকে মোৰ ঘৰ বিক্ৰী কৰিবলৈ বাধ্য কৰিছিল । তেওঁলোকে সেই সময়ত ৰায়পুৰত থকা মোৰ স্বামীক হত্যা কৰাৰ ভাবুকি দিছিল ।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে শনিবাৰে প্ৰয়াগৰাজত ৩ জন আক্ৰমণকাৰীয়ে আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক হত্যা কৰে । সমাজবাদী পাৰ্টীৰ এজন প্ৰাক্তন সাংসদ আতিক আহমেদ আৰু তেওঁৰ ভাতৃক উমেশ পালৰ হত্যাৰ গোচৰৰ সন্দৰ্ভত আদালতৰ শুনানিৰ বাবে গুজৰাটৰ সাবৰমতী কাৰাগাৰৰ পৰা প্ৰয়াগৰাজলৈ অনা হৈছিল । তেওঁলোকৰ হত্যাৰ সময়ত আৰক্ষীৰ জিম্মাত আছিল ।

আনহাতে, উচ্চতম ন্যায়ালয়ে গোংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফৰ হত্যাকাণ্ডৰ তদন্ত বিচাৰি কৰা আবেদনৰ শুনানিৰ বাবে সন্মত হয় । আবেদনখনে হত্যাৰ তদন্তৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত এখন বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশনা বিচাৰিছিল । গোচৰটো ২৪ এপ্ৰিলত শুনানিৰ বাবে তালিকাভুক্ত কৰা হ'ব । অধিবক্তা বিশাল তিৱাৰীয়ে এখন স্বতন্ত্ৰ বিশেষজ্ঞ সমিতি বিচাৰি শীৰ্ষ আদালতত আবেদন কৰিছিল আৰু ২০১৭ চনৰ পৰা উত্তৰ প্ৰদেশত সংঘটিত ১৮৩ টা সংঘৰ্ষৰ তদন্ত বিচাৰিছিল ।

লগতে পঢ়ক :Yogi warns gangsters : আতিকৰ হত্যাৰ পাচত মাফিয়াক সকীয়নি যোগীৰ

ABOUT THE AUTHOR

...view details