অসম

assam

ETV Bharat / bharat

মণ্ডলা তীৰ্থৰ বাবে মুকলি সবৰীমালা আয়াপ্পা মন্দিৰ

মন্দিৰৰ নৱনিৰ্বাচিত পুৰোহিত মেলসাথি ভি কে জয়ৰাজ পাটি আৰু মালিককাপুৰমৰ এম এন ৰাজকুমাৰে সন্ধিয়া মন্দিৰত আনুষ্ঠানিকভাৱে পূজা আৰম্ভ কৰিব ।

Sabarimala Temple to open today for Mandala Season
মণ্ডলা তীৰ্থৰ বাবে মুকলি সবৰীমালা আয়াপ্পা মন্দিৰ

By

Published : Nov 15, 2020, 4:49 PM IST

নিউজ ডেস্ক, 15 নৱেম্বৰ: কেৰেলাৰ সবৰীমালা আয়াপ্পা মন্দিৰ দেওবাৰৰ পৰা মণ্ডলা তীৰ্থযাত্ৰাৰ বাবে মুকলি কৰা হ’ব ৷ মন্দিৰৰ মুখ্য পুৰোহিত এ কে সুধীৰ নামবুথিৰীয়ে সন্ধিয়া 5 বজাত গৰ্ভগৃহৰ দ্বাৰ মুকলি কৰি থান্ত্ৰী কানদাৰাৰু ৰাজীৱাৰুৰ উপস্থিতিত মন্দিৰৰ বন্তি প্ৰজ্বলন কৰিব ।

মন্দিৰৰ নৱনিৰ্বাচিত পুৰোহিত ভি কে জয়ৰাজ পাটি আৰু মালিক্কাপুৰমৰ এম এন ৰাজকুমাৰে সন্ধিয়া মন্দিৰত আনুষ্ঠানিকভাৱে পূজা আৰম্ভ কৰিব । দোওবাৰে সন্ধিয়া পূজাৰ পাছত বৰ্তমানৰ মুখ্য পুৰোহিত এ কে সুধীৰ নামবুথিৰী আৰু মালিক্কাপুৰমৰ এম এছ পৰমেশ্বৰণ নামবুথিৰীয়ে মন্দিৰৰ নিময় অনুসৰি নিজ পদৰ পৰা পদত্যাগ কৰিব ৷

আনহাতে সোমবাৰে মালায়ালমৰ নৱবৰ্ষৰ দিনা নতুন মুখ্য পুৰোহিতে দায়িত্ব গ্ৰহণ কৰিব আৰু মন্দিৰৰ কাৰ্যক্ৰমণিকাৰ নেতৃত্ব দিব । নৱবৰ্ষৰ দিনা ভাৰ্চুৱেলী নাম পঞ্জীয়ন কৰা ভক্তসকলেহে দৰ্শনৰ বাবে পাহাৰৰ তীৰ্থস্থানলৈ যাব পাৰিব ৷ উল্লেখ্য যে, মণ্ডলা মহোৎসৱ ১৬ নৱেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব । ৩০ ডিচেম্বৰত মকৰ সংক্ৰান্তিৰ দিনা মন্দিৰটো ভক্তৰ বাবে মুকলি কৰা হ’ব ৷

লগতে পঢ়ক: শ্ৰী নগৰত বিএচএফ সৈন্যলৈ শেষ শ্ৰদ্ধাঞ্জলী

ABOUT THE AUTHOR

...view details