নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ: দক্ষিণ ভাৰতৰ কেৰালাৰ মালয়ালীসকলে(Malayali) অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিছে ওনাম উৎসৱ (Onam Festival celebrated)৷ ২০২২ চনৰ ৩০ আগষ্টৰ পৰা ২০২২ চনৰ ৮ ছেপ্টেম্বৰলৈ এসপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে এই উৎসৱ ৷ ওনাম উপলক্ষে 6 ছেপ্তেম্বৰৰ বিয়লি 5 বজাৰ পৰা 10 ছেপ্টেম্বৰলৈ ভক্তৰ বাবে খোলা হ’ব সবৰীমালা শ্ৰীধৰ্ম শাস্ত মন্দিৰ (Sabarimala Sreedharma Shastha Temple)৷
ওনাম উপলক্ষে উথ্ৰাদা দিৱসৰ পৰা চতয়াম দিৱসলৈ ভক্ত সকলৰ বাবেও ওনাম ভোজৰ ব্যৱস্থা কৰা হ’ব ৷ মন্দিৰ খোলা থকা দিনকেইটাত উদয়স্তমায় পূজা, অষ্টভিষেক, কলাশভিষেক, পদীপূজা আৰু পুষ্পাভিষেক অনুষ্ঠিত কৰা হ’ব ৷ 10 ছেপ্টেম্বৰৰ নিশা 10 বজাত হৰিভাৰাসনম গাই তিৰুণাদা অৰ্থাৎ মন্দিৰৰ দুৱাৰ পুনৰ বন্ধ কৰা হ'ব।
ওনাম এক কৃষিভিত্তিক উৎসৱ । কেৰালাত প্ৰচলিত মালয়ালী দিনপঞ্জী পঞ্চাংগম অনুসৰি চিঙাম মাহৰ ২২তম নক্ষত্ৰ থিৰুভোনাম পৰা দিনা ওনাম পালন কৰা হয় । ওনাম কেৰালা আৰু কেৰালাৰ বাহিৰৰ বসবাস কৰা মালয়ালী লোকসকলৰ বাবে মুখ্য বাৰ্ষিক অনুষ্ঠান । ই একপ্ৰকাৰৰ শস্য চপোৱাৰ উৎসৱ । এই উৎসৱ কেৰালাৰ বিষু আৰু থিৰুভাথিৰাৰ সৈতে তিনিটা মুখ্য উৎসৱৰ ভিতৰত অন্যতম ।