অসম

assam

ETV Bharat / bharat

Sabarimala Record : 10 দিনত 52 কোটিৰ ৰাজহ সংগ্ৰহৰ ৰেকৰ্ড সবৰিমালা মন্দিৰৰ

দেশৰ এই প্ৰসিদ্ধ মন্দিৰটোৱে সৃষ্টি কৰিছে এক অভিলেখ । মন্দিৰটোৱে তীৰ্থযাত্ৰা ঋতুৰ ১০ দিনত ৫২ কোটি টকাৰ অনুদান লাভ কৰিছে । যিটো হৈছে এক ৰেকৰ্ড (Sabarimala record of highest revenue collection) ।

By

Published : Nov 28, 2022, 8:54 PM IST

Sabrimala
Sabrimala

নিউজ ডেস্ক, ২৮ নৱেম্বৰ : দেশৰ অন্যতম প্ৰসিদ্ধ তীৰ্থস্থান সবৰিমালা মন্দিৰলৈ তীৰ্থযাত্ৰাৰ বতৰ (Sabarimala pilgrimage season) সুচাৰুৰূপে চলি আছে । তাৰ মাজতে দেশৰ এই প্ৰসিদ্ধ মন্দিৰটোৱে সৃষ্টি কৰিছে এক অভিলেখ । মন্দিৰটোৱে তীৰ্থযাত্ৰা ঋতুৰ ১০ দিনত ৫২ কোটি টকাৰ অনুদান লাভ কৰিছে । যিটো হৈছে এক ৰেকৰ্ড (Sabarimala record of highest revenue collection) । দেৱস্বম বোৰ্ডৰ সভাপতি এডভোকেট কে অনন্তগোপানে এই কথা প্ৰকাশ কৰিছে (Sabrimala Devaswom Board president K Ananthagopan) ।

বোৰ্ডৰ সভাপতিগৰাকীয়ে কয় যে মন্দিৰটোৱে 'আপ্পাম'ৰ বিক্ৰীৰ বাবে ২.৫৮ কোটি টকা আৰু 'আৰাভানা'ৰ বিক্ৰীৰ বাবে ২৩.৫৭ কোটি টকা লাভ কৰিছে । হুণ্ডি ৰাজহ হিচাপে মন্দিৰটোৱে 12.73 কোটি টকা লাভ কৰিছে । যোৱা বছৰ এই একে সময়ছোৱাত সংগৃহীত ৰাজহ আছিল মাত্ৰ 9.92 কোটি টকা (Sabrimala earned 52 Crores in 10 days) । কিয়নো ভক্তসকলে উক্ত বছৰত কঠোৰ ক’ভিড নিষেধাজ্ঞাৰ মাজত তীৰ্থযাত্ৰা কৰিবলগা হোৱাত ভক্তৰ সংখ্যা হ্ৰাস পাইছিল ।

অনন্তগোপানে লগতে কয় যে বেছিভাগ ৰাজহ উৎসৱৰ পৰিচালনাৰ বাবে ব্যৱহাৰ কৰা হৈছে । তেওঁ প্ৰকাশ কৰে যে মন্দিৰটোলৈ প্ৰৱেশৰ চাৰিওটা পথ মুকলি কৰা হৈছে আৰু ভক্তসকলে তেওঁলোকৰ পছন্দৰ যিকোনো এটা পথ বাছনি কৰিব পাৰে (Sabrimala tample opened for pilgrims) ।উল্লেখ্য, সবৰিমালা মন্দিৰ দৰ্শন কৰিবলৈ ইচ্ছুক ভক্তসকলে অনলাইন পৰ্টেলৰ জৰিয়তে বা স্পট বুকিঙৰ জৰিয়তেও তেওঁলোকৰ দৰ্শন বুক কৰিব পাৰে ।

উল্লেখ্য, সবৰিমালা হৈছে কেৰালাৰ পাথানামথিট্টা জিলাত অৱস্থিত শাস্তাৰ নামত উছৰ্গিত এটা প্ৰসিদ্ধ মন্দিৰ (Sabarimala temple dedicated to Shasta) । প্ৰজনন বয়সৰ মহিলা আৰু ছোৱালীসকলক পৰম্পৰাগতভাৱে তাত উপাসনা কৰাৰ অনুমতি দিয়া হোৱা নাছিল । কিয়নো তাত যি 'শাস্তা' দেৱতাক পূজা-অৰ্চনা কৰা হৈছে তেওঁ ব্ৰহ্মচাৰী দেৱতা । কেৰালাৰ এখন উচ্চ ন্যায়ালয়ে এই পৰম্পৰাৰ বাবে এক আইনী ন্যায্যতা প্ৰদান কৰিছিল আৰু 1991 চনৰ পৰা মহিলাসকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ আইনীভাৱে নিষেধ কৰা হৈছিল ।

কিন্তু ছেপ্টেম্বৰ, 2018 চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এক ৰায়ত ৰায় দিয়া হৈছিল যে লিংগ নিৰ্বিশেষে সকলো হিন্দু তীৰ্থযাত্ৰীয়ে উক্ত মন্দিৰটোত প্ৰৱেশ কৰিব পাৰে । উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে এই সন্দৰ্ভত কয়, "জৈৱিক পাৰ্থক্যৰ বাবে মহিলাৰ ওপৰত ৰখা যিকোনো ব্যতিক্ৰমে সংবিধান উলংঘা কৰে ।" বিশেষকৈ আদালতে কয় যে এই নিষেধাজ্ঞাই অনুচ্ছেদ 14-ৰ অধীনত সমতাৰ অধিকাৰ আৰু অনুচ্ছেদ 25-ৰ অধীনত ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ উলংঘা কৰিছে ।

লগতে পঢ়ক :US Plane Crashes : আমেৰিকাত বিদ্যুতৰ তাঁৰত লাগি দুৰ্ঘটনাগ্ৰস্ত বিমান, বিদ্যুৎ কৰ্তন

ABOUT THE AUTHOR

...view details