নেশ্যনেল ডেস্ক, 29 আগষ্ট: পৰ্যটন নগৰীখ্যাত মানালীত জঘন্য ঘটনা সংঘটিত হৈছে (Rape case in Manali)৷ মানালীত ৰাছিয়ান মহিলাক ধৰ্ষণ কৰে ছিংগাপুৰৰ এজন পৰ্যটকে (Russian woman raped in Manali)৷
ভুক্তভোগী ৰাছিয়ান মহিলাগৰাকী কুল্লুৰ উঝিৰ অঞ্চলৰ এগৰাকী যুৱকৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ৷ মাতৃ আৰু দুই সন্তান আৰু স্বামীৰ সৈতে মানালীত বাস কৰে মহিলাগৰাকীয়ে ৷ শেহতীয়াকৈ মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে আমেৰিকালৈ গৈছিল ৷ ছিংগাপুৰৰ পৰ্যটক আলেকজেণ্ডাৰ লী জিয়া নামৰ যুৱকজনে মানালী দৰ্শন কৰিবলৈ আহোঁতেই মহিলাগৰাকীৰ লগত চিনাকি হৈছিল ৷
ইয়াৰ পিছতেই দেওবাৰে মহিলাগৰাকীক যুৱকজনে থকা হোটেলৰ কোঠালৈ মাতিছিল ৷ বন্ধুৰ কথা ৰাখি মহিলাগৰাকীয়ে হোটেলৰ কোঠালৈ যাওঁতেই যুৱকৰ কামনাৰ বলি হয় মহিলাগৰাকী ৷ ইতিমধ্যে দেওবাৰে সন্ধিয়া মহিলাগৰাকীয়ে কুল্লু আৰক্ষীক ধৰ্ষণৰ সন্দৰ্ভত গোচৰ ৰুজু কৰে ৷
মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত সোমবাৰে কুল্লু আৰক্ষীয়ে ধৰ্ষণকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয় (Singapore tourist arrested in rape case)৷ কুল্লু আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীৰ এই গোচৰৰ ভিত্তিতে ঘটনা সন্দৰ্ভত ছিংগাপুৰৰ সংশ্লিষ্ট দূতবাসক অভিযুক্তজনৰ বিষয়ে অৱগত কৰা হৈছে ৷ আৰক্ষীয়ে অভিযুক্তটোক ইতিমধ্যে আদালতত হাজিৰ কৰিছে (Singapore man arrested in rape case) ৷
লগতে পঢ়ক:পত্নী, সন্তান আৰু মাতৃক ডিঙি ৰেপি হত্যা কৰিলে মহেশে