নেশ্যনেল ডেস্ক,৩ জানুৱাৰী: ওডিশাৰ পাৰাদ্বীপ বন্দৰত জাহাজৰ ভিতৰত এগৰাকী ৰাছিয়ানৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে(Russian found dead on board cargo ship in Odisha) । জাহাজখনৰ মুখ্য অভিযন্তা হিচাপে নিয়োজিত ৰাছিয়ানগৰাকী মিলিয়াকভ চাৰ্গেই বুলি চিনাক্ত কৰা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ পাছত চিকিৎসকে লোকজনে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে বুলি উল্লেখ কৰা হয়(Russian found dead on Paradip Port) ।
M B Aldnah নামৰ জাহাজখনৰ ৫১ বছৰীয়া মুখ্য অভিযন্তা মিলিয়াকভ চাৰ্গেইৰ মৃতদেহ উদ্ধাৰ হোৱা জাহাজখন বাংলাদেশৰ চিটাগং বন্দৰৰ পৰা পাৰাদ্বীপ হৈ মুম্বাই অভিমুখে গৈ আছিল । পুৱা প্ৰায় ৪.৩০ বজাত তেওঁক তেওঁৰ জাহাজৰ চেম্বাৰত মৃত অৱস্থাত পোৱা গৈছিল । প্ৰাথমিক অনুসন্ধানৰ অন্তত আৰক্ষীয়ে জনাই যে হৃদৰোগত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু হৈছে বুলি চিকিৎসকে আৰক্ষীক অৱগত কৰে । পাৰাদীপ পোৰ্ট ট্ৰাষ্টৰ(Paradip Port Trust) অধ্যক্ষ পি এল হৰানন্দে ৰাছিয়ান অভিযন্তাগৰাকীৰ মৃত্যু নিশ্চিত কৰিছিল । লগতে কৈছিল যে এই সন্দৰ্ভত তদন্ত বৰ্তমান অব্যাহত আছে ।
উল্লেখ্য যে মাত্ৰ এটা পষেকতে ওডিশাত ৩ জন ৰাছিয়ান লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ওডিশাৰ ৰায়াগদা জিলাৰ এখন হোটেলত ২৪ ডিচেম্বৰত এজন ৰাছিয়ান নাগৰিকে আত্মহত্যা কৰিছিল ৷ হোটেলৰ চাদৰ পৰা জপিয়াই আত্মহনন কৰিছিল ৰাছিয়ান পৰ্যটকগৰাকীয়ে । মৃত ৰাছিয়ান নাগৰিকজন এণ্টোনা পাভলু বুলি চিনাক্ত কৰা হৈছিল(Russian tourist found dead in Odisha hotel) ৷