নেশ্যনেল ডেস্ক, 20 জানুৱাৰী: S-400 এয়াৰ ডিফেন্স চিষ্টেমৰ প্ৰশিক্ষণৰ বাবে মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱান সকলক সোমবাৰে ৰাছিয়ান দূতাবাসত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বিদায় সম্ভাষণ জনোৱা হয় ৷ এক বিভাগীয় বিবৃতিত জনোৱা মতে,প্ৰশিক্ষণৰ সময়ত 8 জনকৈ জোৱানে অতি দুৰ্গম অঞ্চললৈ গৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷
মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱানক বিদায় সম্ভাষণ ৰাছিয়ান ৰাষ্ট্ৰদূতৰ - ৰাছিয়ান ৰাষ্ট্ৰদূত নিকোলাই আৰ কুদাশেভ
সোমবাৰে ৰাছিয়ান দূতাবাসত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে S-400 এয়াৰ ডিফেন্স চিষ্টেমৰ প্ৰশিক্ষণৰ বাবে মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱান সকলক বিদায় সম্ভাষণ জনোৱা হয় ৷
মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱানক বিদায় সম্ভাষণ ৰাছিয়ান ৰাষ্ট্ৰদূতৰ
ৰাছিয়ান ৰাষ্ট্ৰদূত নিকোলাই আৰ কুদাশেভে আৰম্ভণী ভাষণত কয় যে,ভাৰত আৰু ৰাছিয়াৰ মাজত এই প্ৰশিক্ষণৰ জৰিয়তে এক দ্বিপাক্ষিক বন্ধুত্ব গঢ়াত বিশেষ অৰিহণা যোগাব ৷ সামাজিক আৰু সামৰিক সহযোগিতাৰ বাবে এই প্ৰশিক্ষণে অন্যতম প্ৰধান কাৰণ হৈ পৰিব ৷ ইফালে,অনুষ্ঠানটিত এক বন্ধুত্ব পূৰ্ণ পৰিৱেশত অংশগ্ৰহণকাৰী সকলক ৰাছিয়ান ৰাষ্ট্ৰদূতে দূতাবাসৰ আলেকজেণ্ডাৰ এম কাডাকিন সংগ্ৰাহালয় দৰ্শন কৰায় ৷
লগতে পঢ়ক:উত্তৰ প্ৰদেশৰ 6লাখ হিতাধিকাৰীলৈ PMAY-G আঁচনিৰ আৰ্থিক সাহাৰ্য প্ৰধানমন্ত্ৰী মোডীৰ