নেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ :হিমাচল প্ৰদেশৰ কুল্লু জিলাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । বৃহস্পতিবাৰে সন্ধিয়া জিলাখনৰ মণিকৰ্ণৰ সমীপত গৰম পানীৰ পুখুৰীত দুটা মৃতদেহ উদ্ধাৰ হৈছে । স্থানীয় লোকে খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধলপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । একে সময়তে, ঘটনাটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃত দুয়োগৰাকী লোক ৰাছিয়াৰ নাগৰিক আছিল । কুল্লু আৰক্ষীয়ে ইতিমধ্যে ৰাছিয়াৰ দূতাবাসক এই বিষয়ে অৱগত কৰিছে ।
মণিকৰ্ণ উপত্যকাৰ টেগদীত উদ্ধাৰ হোৱা মৃতদেহ দুটা এজন পুৰুষ আৰু এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে । ইফালে কুল্লুৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ চৌহানে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে । কিন্তু তেওঁলোকে আত্মহত্যা কৰিছে নে কোনোৱে হত্যা কৰিছে সেই সম্পৰ্কে ৰহস্যৰ সৃষ্টি হৈছে ।