নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল: ভাৰত চৰকাৰে ক'ভিড-১৯ মহামাৰীৰে মোকাবিলা কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰি সোমবাৰে ৰাছিয়াই কয় যে, ভাৰতীয় ড্ৰাগছ কন্ট্ৰ'লাৰ জেনেৰেলে শীঘ্ৰেই স্পুটনিক-V প্ৰতিষেধক ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰিব । কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ বিষয় বিশেষজ্ঞ সমিতিয়ে মঙলবাৰে ৰাছিয়াৰ স্পুটনিক-V প্ৰতিষেধক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন দিয়াত সন্মতি প্ৰদান কৰে ।
কোভাক্সিন আৰু ক'ভিশ্বিল্ডৰ পিছত ভাৰতত ক্লিয়াৰেন্স লাভ কৰা এইটো হৈছে তৃতীয়টো প্ৰতিষেধক । ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত নিকোলয় কুদাশ্বেভে কয় যে, তেওঁলোকে প্ৰতিবেদনত লক্ষ্য কৰিছে যে, বিশেষজ্ঞ সমিতিয়ে ভাৰতত স্পুটনিক-V প্ৰতিষেধক ব্যৱহাৰৰ বাবে পৰামৰ্শ দিছিল । এই পদক্ষেপে মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টাত অৰিহণা যোগাব বুলি তেওঁ মন্তব্য কৰে ।