আগৰতলা, 4 জানুৱাৰী :২০২৩ চনত অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ নিৰ্বাচন (Tripura Election 2023) ৷ নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰালৈ সোঁত বৈছে ৰাজনৈতিক নেতা-পালিনেতাৰ ৷ মঙলবাৰে ত্ৰিপুৰালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to visit Tripura on 4th January) ৷
প্ৰধানমন্ত্ৰী গৰাকীয়ে ত্ৰিপুৰা আৰু মণিপুৰত স্থাপন কৰিব 22 টাকৈ ব্যয়বহুল প্ৰকল্পৰ আধাৰশিলা ৷ প্ৰধানমন্ত্ৰীৰ ত্ৰিপুৰা ভ্ৰমণৰ দুদিন পূৰ্বে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে (Abhishek Banerjee's Tripura visit) ৰাজ্যখন পৰিভ্ৰমণ কৰে ৷
আগৰতলা বিমানবন্দৰত উপস্থিত হৈ বেনাৰ্জীৰ কাৰ্যসূচী অনুসৰি দৰ্শন কৰে চতুৰ্দাস দেৱতাৰ মন্দিৰ ৷ ইয়াৰ পিছত তেওঁ বাৰামুৰা ইক’ পাৰ্কত এটা অৰাজনৈতিক জনজাতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ কথা আছিল যদিও আৰক্ষীয়ে এই কাৰ্যসূচীৰ অনুমতি প্ৰদান নকৰিলে ৷
এই কাৰ্যসূচীৰ বাতিলকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি AITC ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ নেতৃত্বত ৰাজ্যিক বিজেপিয়ে যিমান বিচাৰে, সিমান অনুষ্ঠান বাতিল কৰিব পাৰে ৷ কিন্তু তেওঁলোকে মমতা বেনাৰ্জীক পৰাজিত কৰিব নোৱাৰে ৷