নেশ্বনেল ডেস্ক, 20 নবেম্বৰ :ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত বিভিন্ন বিষয় সমূহত অতি সৰৱ হৈ থকা মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে কয় যে, তেওঁ ৰাজ্যপাল পদ ত্যাগ কৰিবলৈ সাজু ; কিন্তু আন্দোলনকাৰী কৃষকসকলৰ প্ৰতি থকা সমৰ্থন তেওঁ প্ৰত্যাহাৰ নকৰে । শনিবাৰে ইটিভি ভাৰতৰ সাংবাদিক ৰাকেশ ত্ৰিপাঠীৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত ৰাজ্যপাল গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন বাতিল কৰাৰ সিদ্ধান্তই প্ৰতিবাদকাৰীসকলক সন্তুষ্ট কৰিব ।
এই সিদ্ধান্তৰ ফলত অনুচ্ছেদ ৩৭০ ঘূৰাই অনা আৰু কা বাতিল কৰাৰ দৰে বহুতো পুৰণি দাবী উত্থাপন হ'ব নেকি বুলি সোধাত মালিকে কয় যে, মানুহৰ এনে দাবী উত্থাপন কৰাৰ অধিকাৰ আছে আৰু যিবোৰ ন্যায় সংগত, সেইবোৰ গ্ৰহণ কৰিব পাৰি । তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰীয়ে কৃষি আইন বাতিল কৰাৰ সিদ্ধান্তক লৈ কোনো অপমানৰ সন্মুখীন হোৱা নাই, তেওঁ লগতে কয় যে যিসকলে এনে দাবী কৰিছে তেওঁলোক ভুল ।
প্ৰশ্নঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰিছে । ইয়াক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি ?
উত্তৰ: অতি শুদ্ধ পদক্ষেপ লোৱাৰ বাবে মই তেওঁক ধন্যবাদ আৰু অভিনন্দন জনাইছো । মই কৃষকসকলকো অভিনন্দন জনাইছো যে তেওঁলোকে হিংসা অবিহনে ইমান দীঘলীয়া সংগ্ৰাম চলাইছিল ।
আপুনি কৃষি আইনবোৰ অতি নিবিড়ভাৱে বুজি পাইছে । আমি আমাৰ পঢ়ুৱৈসকলক আপোনাৰ পৰা জনাব বিচাৰিম, এই আইনবোৰ দেশৰ কৃষকসকলৰ বাবে কিয় ভাল নহয় ?
চাওক, গোটেই বিষয়টো ধাৰণাৰ । ঠিকা ভিত্তিক কৃষিৰ এই বিষয়টো আছিল, আৰু এনে ধৰণৰ বহুতো বস্তুৱে কৃষকসকলৰ মনত প্ৰভাৱ পেলাইছিল । ইয়াৰ বাবে, কৃষকসকলে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল যে তেওঁলোকৰ ভূমি দখল কৰা হ'ব আৰু ডাঙৰ কৰ্প’ৰেট গোষ্ঠী সমূহক দিয়া হ'ব । গতিকে বিশ্বাসযোগ্যতা হেৰুওৱা হৈছিল আৰু ইয়াৰ বাবে, কৃষকসকলে এই আইনবোৰক লৈ ভয় খাইছিল ।
এই ৰোলবেকৰ ফলত অনুচ্ছেদ ৩৭০ ঘূৰাই অনা আৰু CAA সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ দৰে বহুতো পুৰণি দাবীৰ পুনৰাবৃত্তি হ'ব নেকি ?