নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ সংখ্যাক লৈ প্ৰশ্ন কৰি বিপদত এগৰাকী আৰটিআই কৰ্মী । অসমৰ বন বিভাগে গঁড়ৰ সংখ্যাৰ ভুল তথ্য দিয়াৰ অভিযোগ কৰিছিল আৰটিআই কৰ্মীজনে (Misrepresentation of rhino population in Kaziranga)। এই অভিযোগৰ পাচতে অসমৰ বন বিভাগে আৰটিআই কৰ্মীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে । বন বিভাগৰ মতে, আৰটিআই কৰ্মীজনে গঁড়ৰ সংখ্যা সম্পৰ্কে মিছা অভিযোগ উত্থাপন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বদনাম কৰিবলৈ চেষ্টা কৰিছে ।
উল্লেখ্য যে, আৰটিআই কৰ্মীজনে বুধবাৰে মন্ত্ৰালয়লৈ এখন পত্ৰ লিখিছিল । য'ত তেওঁ লিখিছে যে অসমৰ বন বিভাগে যোৱা বছৰ লোকপিয়লত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ২,৬৩৪ টা বুলি উল্লেখ কৰিছিল । কিন্তু সেই সংখ্যা ২,০৪২ টা হে হ'ব লাগে বুলি তেওঁ দাবী কৰিছে (RTI activist report on KNP Rhino number)। ইয়াক "এক অদ্ভুত প্ৰক্ৰিয়াগত খেলিমেল" বুলি অভিহিত কৰি তেওঁ অভিযোগ কৰে যে কিছুমান গুৰুত্বপূৰ্ণ তথ্য বিলোপ কৰা হৈছে । ইয়াৰ পাচতে, মন্ত্ৰালয়ে বিভাগটোৰ পৰা উত্তৰ বিচাৰিছিল ।
উত্তৰত অসমৰ মুখ্য বন সংৰক্ষক এম কে যাদৱে কয় যে আৰটিআই কৰ্মী ৰোহিত চৌধুৰীয়ে আনুমানিক মূল্যায়ন প্ৰক্ৰিয়া আৰু পদ্ধতি বুজি নোপোৱাকৈ মিছা প্ৰচাৰ চলাই কাজিৰঙাক বদনাম কৰিছে । কাজিৰঙাত ২০২২ চনৰ গঁড়ৰ সংখ্যাক "অদ্ভুত প্ৰক্ৰিয়াগত খেলিমেলি" বুলি অভিহিত কৰি চৌধুৰীয়ে উদ্যানখনৰ প্ৰতি তেওঁৰ বিদ্বেষপূৰ্ণ অভিপ্ৰায় ব্যক্ত কৰিছে (Forest department denied RTI activist complaint)। তেওঁৰ মন্তব্য অত্যন্ত দুখজনক আৰু নিন্দনীয় বুলিও মুখ্য বন সংৰক্ষকে অভিযোগ কৰে ।
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়লৈ লিখা পত্ৰখনত অসমৰ মুখ্য বন সংৰক্ষক এম কে যাদৱে দাবী কৰে যে আৰটিআই কৰ্মী ৰোহিত চৌধুৰীয়ে গঁড়ৰ লোকপিয়লৰ এছঅ'পি ভুলকৈ অধ্যয়ন কৰিছে (KNP Rhino census controversy)। ইফালে মন্ত্ৰালয়লৈ লিখা পত্ৰত আৰটিআই কৰ্মীজনে অভিযোগ কৰিছে যে অসমৰ বন বিভাগে প্ৰদান কৰা তথ্য অনুসৰি, যোৱা বছৰ মাৰ্চত কাজিৰঙাৰ ২২ টা খণ্ডত জৰীপ চলোৱা হৈছিল, য'ত ১,০৬৪ টা গঁড়ৰ সংখ্যা দেখা গৈছিল ।