নেশ্যনেল ডেস্ক,১৪ ফেব্ৰুৱাৰী: নিশা তেলেংগানাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । ফলত ১৩ জন লোক গুৰুত্বৰভাৱে আহত হয় । আহতসকলক ইতিমধ্যে স্থানীয় লোকৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । মহাৰাষ্ট্ৰৰ পৰা হায়দৰাবাদ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছ কামাৰেড্ডী পথত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাতো সংঘটিত হয় । ভুল দিশেৰে এখন দুচকীয়া বাহন অহাত বাছচালকে দুৰ্ঘটনাৰ উমান পাই দ্ৰুতগতিত বাছখন চলোৱাত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাতো সংঘটিত হয় ।
তেলেংগানাত ভয়ংকৰ পথ দুৰ্ঘটনা - কামাৰেড্ডী
নিশা তেলেংগানাত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় ১৩ গৰাকী ব্যক্তি ।

তেলেংগানাত ভয়ংকৰ পথ দুৰ্ঘটনা
তথ্য অনুসৰি, বাছখনত মুঠ ৪০ গৰাকী যাত্ৰী আছিল । যাত্ৰীসকলৰ অভিযোগ অনুসৰি, চালকে দ্ৰুতগতিত চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় । ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক:লক ডাউনত ৰুজু গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ উত্তৰ প্ৰদেশ চৰকাৰৰ