নেশ্যনেল ডেস্ক, ৪ ছেপ্টেম্বৰ :ইছলামিক আক্ৰমণৰ বাবে ভাৰতীয় সমাজত বাল্যবিবাহ, সতী প্ৰথা, বিধৱা পুনৰ বিবাহৰ দৰে সামাজিক কুপ্ৰথাৰ সৃষ্টি হৈছিল । যাৰ বাবে মহিলাসকল বশ্যতাৰ চিকাৰ হৈ আহিছে । দিল্লী বিশ্ববিদ্যালয়ত আয়োজিত "নাৰী শক্তি সংগম" শীৰ্ষক এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) জ্যেষ্ঠ নেতা কৃষ্ণ গোপালে । তেওঁ কয় যে, মধ্যযুগত মহিলা তথা নাৰীসকলক আক্ৰমণকাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।
মধ্যযুগ অতি কঠিন সময় আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, সমগ্ৰ দেশে বশ্যতা বা আনুগত্যৰ সৈতে যুঁজি আছিল । মন্দিৰসমূহ ধ্বংস কৰা হৈছিল, ডাঙৰ বিশ্ববিদ্যালয় ধ্বংস কৰা হৈছিল আৰু মহিলাসকল বিপদত পৰিছিল । লাখ লাখ মহিলাক অপহৰণ কৰি বিক্ৰী কৰা হৈছিল । আহমদ শ্বাহ আব্দালি, মহম্মদ ঘোৰী, গজনী আদিয়ে ইয়াৰ পৰা মহিলাসকলক লৈ গৈছিল আৰু সেইবোৰ বিশ্বৰ বজাৰত বিক্ৰী কৰিছিল । গোপালে কোৱা মতে মধ্যযুগটো এক ডাঙৰ অপমানৰ যুগ আছিল ।
তেওঁ দাবী কৰা মতে মহিলা আৰু কিশোৰীসকলক সুৰক্ষা দিবলৈ সমাজৰ দ্বাৰা তেওঁলোকৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছিল আৰু ফলস্বৰূপে, তেওঁলোকে বিদ্যালয়, গুৰুকুললৈ যোৱা বন্ধ কৰিছিল আৰু অশিক্ষিত হৈ পৰিছিল । আৰ এছ এছ নেতাগৰাকীয়ে দাবী কৰে যে বাল্য বিবাহৰ প্ৰথা আৰম্ভ হৈছিল কিয়নো মানুহে তেওঁলোকৰ সন্তানক আক্ৰমণকাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ কম বয়সতে বিয়া কৰাইছিল ।