নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী :সন্ত্ৰাসবাদীৰ লক্ষ্য নাগপুৰৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় । শেহতীয়াকৈ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়কে ধৰি কেইবাটাও স্থানত পাকিস্তানী সন্ত্ৰাসবাদী জৈইচ-ই-মহম্মদে অনুসন্ধান চলাইছে (Terrorist conducted recce of RSS Headquarter) । এই তথ্য আৰক্ষীয়ে লাভ কৰাৰ লগে লগে নাগপুৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।
ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনটোৰ ৪ গৰাকীকৈ সদস্য । শ্ৰীনগৰৰ পৰা জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদী কেইটাক । তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।