নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ:বাওঁপন্থী আদৰ্শক এইবাৰ আক্ৰমণ কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে । দেওবাৰে এক অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে বাওঁপন্থী নেতাসকলে মাৰ্ক্সবাদৰ নামত বিশ্বলৈ ধ্বংস আনিছে ৷ আৰএছএছৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে বাওঁপন্থী আদৰ্শ আৰু ৰাজনীতিৰ ফলত হোৱা ধ্বংসৰ পৰা বিশ্বক ৰক্ষা কৰাৰ দায়িত্ব ভাৰতৰ ওপৰত ৷
দেওবাৰে পুণেত 'জগলা পোখৰনাৰী দাভি ভালভি' শীৰ্ষক এখন মাৰাঠী গ্ৰন্থ মুকলি কৰাৰ সময়ত ভাগৱতে এই মন্তব্য কৰে ৷ অভিজিত যোগৰ দ্বাৰা ৰচিত আৰু দিলীপৰাজ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনত বামপন্থী আদৰ্শ আৰু ৰাজনীতিৰ ওপৰত দীঘলীয়া বাখ্যা আগবঢ়োৱা হৈছে ৷ মাৰ্ক্সবাদৰ নামত বাওঁপন্থীসকলে পশ্চিমত ধ্বংসৰ বীজ ৰোপণ কৰি আছে বুলিও অভিযোগ কৰে ভাগৱতে ।
মোহন ভাগৱতৰ মতে বাওঁপন্থীসকলে সমাজৰ ক্ষতি কৰিব পৰা ভুল আদৰ্শ আৰু নীতি চলাই আছে । মানুহৰ প্ৰকৃতি আৰু আচৰণ বৰ্বৰতাৰ ফালে ক্ৰমান্বয়ে আগবাঢ়িছে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । কেৱল সমাজেই নহয় পৰিয়ালবোৰতো এনে সংকটে দেখা দিছে । তেওঁৰ মতে সমাজৰ এগৰাকী সদস্য হিচাপে সকলোৱে এই সংকটৰ প্ৰতি সজাগ আৰু সতৰ্ক হোৱা প্ৰয়োজন ।