আগৰতলা,২৬ জানুৱাৰী :দেশৰ ভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে (Republic Day 2022)। ত্ৰিপুৰাৰ গণৰাজ্য দিৱসৰ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ড০ মোহন ৰাও ভাগৱতে । পশ্চিম ত্ৰিপুৰা জিলাৰ আগৰতলাৰ সমীপৰ খাইৰপুৰৰ সেৱা ধামত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰএছএছ প্ৰধানগৰাকীয়ে (RSS Chief hoists the national flag in Tripura)। ক'ভিড বিধিৰ মাজেৰে আয়োজিত এই অনুষ্ঠান পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ।
উল্লেখ্য যে আৰএছএছ প্ৰধান মোহন ভাগৱত চাৰিদিনীয়া কাৰ্যসূচীৰে ২৪ জানুৱাৰীত ত্ৰিপুৰাত উপস্থিত হৈছিল । এই ভ্ৰমণৰ অংশস্বৰূপে তেওঁ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লয় । ইফালে ভাষণৰ সময়ত তেওঁ ভাৰতৰ প্ৰাচীন গণৰাজ্যসমূহৰ কথা উল্লেখ কৰি গণতন্ত্ৰ দিৱসৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । ভাষণ প্ৰসংগত তেওঁ কয় যে, ভাৰতৰ প্ৰাচীন গণৰাজ্য যেনে বৈশালী, লিচাবী আদিৰ গণতান্ত্ৰিক ব্যৱস্থাক ভাৰতৰ বৰ্তমানৰ গণতন্ত্ৰই অনুসৰণ কৰাৰ প্ৰয়োজন আছে ।