নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: বুধবাৰে অন্ত পৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে(Akhil Bharatiya Vidyarthi Parishad) আয়োজন কৰা আৰ এছ এছ(RSS) আৰু বিজেপি(BJP)ৰ সমন্বয় বৈঠক । এই দুদিনীয়া বৈঠকত আৰ এছ এছ, বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত আলোচনা কৰে ।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যুটীয়া সাধাৰণ সম্পাদক কৃষ্ণ গোপাল(Krishna Gopal) আৰু অৰুণ কুমাৰে(Arun Kumar) এই বৈঠকত অংশ লয় । লগতে আৰ এছ এছৰ প্ৰচাৰ শাখাৰ মুৰব্বী সুনীল আম্বেদকাৰ আৰু আন কেইবাজনো নেতাই অংশ লয় ।
ইয়াৰ উপৰিও আৰ এছ এছৰ সহযোগী অনুষ্ঠান যেনে, বিদ্যা ভাৰতী, ভাৰতীয় শিক্ষা সংস্কৃতি উত্থান ন্যাস, ভাৰতীয় শিক্ষা মণ্ডল আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আদিৰ নেতাসকলেও বৈঠকত উপস্থিত থাকে । ইফালে, দলৰ সমন্বয়ক ভি সতীশ, সাধাৰণ সম্পাদক চিটি ৰবি আৰু যুটীয়া সাধাৰণ সম্পাদক (সংগঠন) শিৱপ্ৰকাশে গেৰুৱা দলটোক প্ৰতিনিধিত্ব কৰে ।