নেশ্যনেল ডেস্ক,২৩ জুলাই :অনলাইন গেমৰ জৰিয়তে টকা উপাৰ্জনৰ প্ৰলোভন দি এগৰাকী ব্যৱসায়ীৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰিলে এটা চক্ৰই । অনলাইন গেমৰ জৰিয়তে নাগপুৰৰ ব্যৱসায়ীজনে প্ৰায় ৫৮ কোটি টকা হেৰুৱায় । ইমান ধন হেৰুওৱাৰ পাছত আত্মহত্যাৰ চেষ্টা কৰে ব্যৱসায়ীজনে । লগে লগে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰি আছে । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গণ্ডিয়াত অভিযুক্তৰ ঘৰত অভিযান চলাইছে । অভিযানত আৰক্ষীয়ে ঘৰটোৰ পৰা ৪ কিলোগ্ৰাম সোণ আৰু ১৭ কোটি নগদ ধন জব্দ কৰিছে ।
অৱশ্যে, অভিযুক্তজন পলাই যাবলৈ সক্ষম হয় । জানিব পৰা মতে ভুক্তভোগীজন নাগপুৰৰ এজন ডাঙৰ ব্যৱসায়ী । তেওঁ ২০২১ চনৰ নৱেম্বৰৰ পৰা অনলাইন গেম খেলি ৫৮ কোটি টকা হেৰুৱাইছে । অনন্ত নৱৰতন জৈন নামৰ অভিযুক্তজনে তেওঁক অনলাইন গেমৰ প্ৰলোভন দিছিল । ভুক্তভোগীয়ে আৰক্ষীক জনোৱা মতে অভিযুক্ত নৱৰতন জৈনে তেওঁক এটা অনলাইন গেমিং এপত ২৪ ঘণ্টা বাজি মাৰি কোটি কোটি টকা উপাৰ্জন কৰাৰ প্ৰলোভন দিছিল ।
ভুক্তভোগীক কম সময়ৰ ভিতৰত যথেষ্ট ধন উপাৰ্জন কৰিবলৈ প্ৰলোভিত কৰিছিল । লগতে অভিযুক্তজনে তেওঁক অনলাইন বেটিং/গেমিং লিংকৰ ব্যৱহাৰকাৰী নাম, পাছৱৰ্ড প্ৰেৰণ কৰিছিল ।