নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : বৰ্তমান সকলোৱে স্বাস্থ্য আৰু বিত্তীয় সুৰক্ষা বিচাৰিছে । শেহতীয়াকৈ ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্স লিমিটেডে (Reliance General Insurance Ltd, RGICL) এক নতুন স্বাস্থ্য বীমা আঁচনি আনিছে, যাৰ দ্বাৰা আপুনি বিশ্বৰ যিকোনো স্থানতে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব । এই বিশ্বজনীন বৈধ নীতিটো 'Reliance Health Infinity Policy'ৰ নামত অনা হৈছে । ইয়াক ন্যূনতম ৫ লাখ টকাৰ পৰা সৰ্বাধিক ৫ কোটি টকালৈকে পাব পাৰি (5 Cr globally valid health cover from Reliance) ।
আনহাতে, ইয়াত ১.৫ কোটি টকাৰ অতিৰিক্ত আঁচনিও সংযোগ কৰিব পাৰি । এই আঁচনিয়ে প্ৰসূতিকালীন ব্যয়, অ'পিডি, কোনো সীমা অবিহনে কোঠাৰ ভাড়া পৰিশোধ, এয়াৰ এম্বুলেন্স আদিৰ দৰে লাভালাভ প্ৰদান কৰে ।
পৰিয়ালৰ 8 জন সদস্যক সামৰি ল'বলৈ 'Reliance Health Infinity Policy' বাছনি কৰিব পাৰি । ইয়াক এক, দুই বা তিনি বছৰৰ বাবে ল'ব পাৰি । ১৮ ৰ পৰা ৬৫ বছৰ বয়সৰ লোকসকলে এই আঁচনিখন ল'ব পাৰে । শিশুসকলক 91 দিনৰ পৰা আঁচনিখনত অন্তৰ্ভুক্ত কৰিব পাৰি । আঁচনিখন 55 বছৰৰ ওপৰৰ লোকসকলক কেৱল প্ৰাক-স্ক্ৰীণিঙৰ পিছতহে প্ৰদান কৰা হ'ব । 750-ৰ ওপৰত ক্ৰেডিট স্ক'ৰ, right BMI (body mass index) আৰু মহিলা আঁচনিধাৰকসকলক প্ৰিমিয়ামত ৰেহাই প্ৰদান কৰা হয় ।
স্বাস্থ্য বীমাৰ উপৰি মানুহে আৰ্থিকভাৱে সুৰক্ষিত থাকিবলৈ বিপদাশংকামুক্ত বিনিয়োগ বিচাৰে । বিশেষজ্ঞসকলে চৰকাৰী ছিকিউৰিটিক সৰ্বশ্ৰেষ্ঠ বিকল্প হিচাপে পৰামৰ্শ দিছে । এই পৃষ্ঠভূমিত Quant Mutual Fund-এ এক নতুন gilt fund মুকলি কৰিছে । NFO-ৰ (new fund offering) এই Quant Gilt আঁচনিৰ সমাপ্তিৰ তাৰিখ আছিল 19 ডিচেম্বৰ । ন্যূনতম বিনিয়োগ হৈছে 5,000 টকা । ই মুখ্যত চৰকাৰী ছিকিউৰিটিত (government securities) বিনিয়োগ কৰে । আমি সুৰক্ষিতভাৱে এনে কম বিপদাশংকাৰ পুঁজিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ ।