অসম

assam

ETV Bharat / bharat

২০০ কোটি টকাৰ ধন দাবী গোচৰ : তিহাৰ কাৰাগাৰৰ পাঁচজন বিষয়াক গ্ৰেপ্তাৰ - সুকেশ চন্দ্ৰশেখৰ

টকাৰ খক । এইবাৰ ধন দাবী কৰাত লাগিল খোদ প্ৰশাসনৰ বিষয়া । দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিলে তিহাৰ কাৰাগাৰৰ পাঁচজন বিষয়াক ।

Rs 200 crore extortion case
তিহাৰ কাৰাগাৰৰ পাঁচজন বিষয়াক গ্ৰেপ্তাৰ

By

Published : Nov 10, 2021, 12:05 PM IST

নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ: আইনৰ সুৰক্ষাৰ দায়িত্বত থকা লোকেই ভংগ কৰিছে আইন । খোদ প্ৰশাসনিক বিষয়া লিপ্ত হৈছে অপৰাধজনিত কাৰ্যকলাপত । এইবাৰ ধন দাবী কৰি দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ জালত পৰিল তিহাৰ কাৰাগাৰৰ ৫ গৰাকী বিষয়া । ২০০ কোটি টকাৰ ধন দাবী গোচৰত তিহাৰ কাৰাগাৰৰ বিষয়াকেইগৰাকীক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই ।

আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা কাৰাগাৰৰ বিষয়াকেইজন হৈছে সুনীল কুমাৰ, সুন্দৰ বৰা, মহেন্দ্ৰ প্ৰসাদ, লক্ষ্মী দত্ত আৰু প্ৰকাশ চান্দ । লগতে দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰকো গ্ৰেপ্তাৰ কৰে । এই সন্দৰ্ভত অৰ্থনৈতিক অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত আৰ কে সিঙে কয় যে, বিষয়াকেইজনে সুকেশ চন্দ্ৰশেখৰক সহায় কৰা আৰু উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে । সিঙে লগতে জনায় যে, সুনীল কুমাৰ আৰু সুন্দৰ বৰা কাৰাগাৰৰ অধীক্ষক ।

আনহাতে, মহেন্দ্ৰ প্ৰসাদ আৰু প্ৰকাশ চান্দ উপ-কাৰাগাৰ অধীক্ষক । অৰ্থনৈতিক অপৰাধ শাখাই কাৰাগাৰৰ বিষয়াসকলক দিল্লীৰ এখন আদালতত হাজিৰ কৰায় আৰু আদালতে আটাইকে ১২ নৱেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

এই গোচৰ সন্দৰ্ভত এতিয়ালৈকে ১৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । দিল্লী আৰক্ষীয়ে আদালতক অৱগত কৰে যে, তদন্তৰ সময়ত পোহৰলৈ আহিছে যে, অভিযুক্ত সুকেশে কাৰাগাৰৰ কেইবাজনো বিষয়াৰ সহায়ত এই অপৰাধজনিত কাৰ্য সংঘটিত কৰি আহিছিল ।

নিৰ্বাচন আয়োগৰ উৎকোচ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাচতে ২০১৭ চনৰ পৰা সুকেশ কাৰাবন্দী হৈ আছে । ৰণবেক্সিৰ প্ৰচাৰক শিবিন্দৰ সিঙৰ পত্নী অদিতি সিঙৰ পৰা ২০০ কোটি টকা দাবী কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে এই গোচৰ ৰুজু কৰা হৈছিল আৰু দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক:দাউদ ইব্ৰাহীমৰ সৈতে নৱাব মালিকৰ সম্পৰ্কৰ তথ্য মুকলি কৰিলে ফাডনাভিছে

ABOUT THE AUTHOR

...view details